ETV Bharat / politics

২০২৬ ত শাসনলৈ আহিলে ন-লখিমীক আদৰিবলৈ অৰুণোদয় বন্ধ কৰিব কংগ্ৰেছে - Orunodoi Scheme

author img

By ETV Bharat Assamese Team

Published : 8 hours ago

Assam govt beneficiary: বৃহস্পতিবাৰে অসম চৰকাৰে অৰুণোদয় ৩.O ৰ শুভাৰম্ভণি কৰিলে ৷ হিতাধিকাৰীক মাহে দিব ১,২৫০ টকাকৈ ৷ ইয়াৰ পিচতে ভূপেন বৰাই ক’লে যে কংগ্ৰেছৰ চৰকাৰ হ’লে অৰুণোদয় বাতিল কৰি নতুন আঁচনিৰ জৰিয়তে দিব ৩০০০ টকাকৈ ৷ আঁচনিৰ নাম হ’ব ন-লখিমী ৷

Assam govt beneficiary
অৰুণোদয়তকৈ বেছি টকা দিব কংগ্ৰেছৰ চৰকাৰ হ’লে, ক’লে ভূপেন বৰাই (ETV Bharat Assam)

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : ২০২৬ত অসমত বিৰোধী কংগ্ৰেছৰ চৰকাৰ আহিলে বাতিল কৰিব অৰুণোদয় আঁচনি ৷ দিছপুৰত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.O ৰ শুভাৰম্ভণি ঘোষণা কৰিছে আজি । তাৰ কিছু সময়ৰ পিচতেই অৰুণোদয় আঁচনি বাতিল কৰিব বুলি ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

নিৱনুৱাৰ বিস্ফোৰণক লৈ উদ্বিগ্ন কংগ্ৰেছ :

ৰাজ্যত বিস্ফোৰিত হাৰত বাঢ়ি গৈ থকা নিৱনুৱা প্ৰসংগ উত্থাপন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য- “অৰুণোদয় দিয়াৰ বাবে আমি বেয়া পোৱা নাই । কিন্তু আমাৰ ৰাজ্যত এতিয়া ১২,৬০০ চাকৰিৰ বিপৰীতে ৩২ লাখ জনে আবেদন কৰিছে ৷ ১২৬০০ জনে বাৰু চাকৰি পাব ৷ বাকীসকলৰ কি হ’ব ? মুখ্যমন্ত্ৰীয়ে সেইসকলৰ কথা ভাবিছেনে ? আমি সেই সকলৰ কথা ভাবিছো ৷”

অৰুণোদয় বন্ধ কৰিব কংগ্ৰেছে :

অৰুণোদয় আঁচনি বন্ধ কৰি তাৰ ঠাইত কংগ্ৰেছে আনিব ন-লখিমী আঁচনি ৷ কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰা হ’ব বুলি কৈ ভূপেন বৰাৰ ঘোষণা- ‘‘২০২৬ত আমাৰ চৰকাৰ আহিব তেতিয়া আমি অৰুণোদয় বন্ধ কৰি আজি ন-লখিমী আঁচনি প্ৰৱৰ্তন কৰিম ৷ মুখ্যমন্ত্ৰীয়ে বাচি বাচি বিজেপিৰ সদস্য হ’লেহে অৰুণোদয় দি আছে ৷ এতিয়া বিজেপি মন্ত্ৰী-এমএলএ মিটিঙলৈ গ’লে মানুহ নাহে ৷ সেয়ে চৰকাৰী আঁচনিৰ ফৰ্ম দিম বুলি কৈ মিটিঙলৈ মানুহ গোটাব লগা হৈছে ৷”

৯ তাৰিখে ন-লখিমী আঁচনিৰ টকা :

২০২৬ত কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি ন-লখিমী আঁচনি আনিম বুলি ঘোষণা কৰাৰ লগতে মাহৰ কোন তাৰিখে টকা হিতাধিকাৰীৰ একাউণ্টত সোমাব সেই কথাও ক’লে ভূপেন বৰাই ৷ জাতি-বৰ্ণ-ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলোকে সমানেই ন-লখিমীৰ ধন দিব কংগ্ৰেছে । ভূপেন বৰাৰ ঘোষণা- “২০২৬ত আমাৰ চৰকাৰ হ’লে আমি প্ৰতি মাহৰ ৯ তাৰিখে ভাষা-জাতি-ধৰ্ম নিৰ্বিশেষে ৩০০০ টকা সোমাব ৷”

লগতে পঢ়ক : আৰম্ভ হ’ল অৰুণোদয় 3.0, কেনেকৈ কৰিব আবেদন ! জানি লওক

অৰুণোদয় ৩.০; ৰাজ্যত ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল

2025 ৰ মাজভাগত আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব বঙাইগাঁও মেডিকেল কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.