গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী :কংগ্ৰেছৰ মুছলমান ধৰ্মাৱলম্বী বিধায়কসকলক এআইইউডিএফত যোগদান কৰিবলৈ আহ্বান জনাইছে AIUDFৰ বিধায়কে । কংগ্ৰেছৰ পৰা অহা বিধায়কক বিৰোধীৰ দলপতিৰ বাব দিবলৈয়ো সাজু এ আই ইউ ডিএফ ৷
অসম প্ৰদেশ কংগ্ৰেছৰ এতিয়া বেয়া দিন চলিছে ৷ বিজেপি চৰকাৰৰ সকলো কাম-কাজলৈ সমৰ্থন আগবঢ়োৱাৰ পিচত দুই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে যেন অথাই সাগৰলৈ ঠেলি দিলে কংগ্ৰেছক ৷ এ আই ইউ ডি এফে কালিৰে পৰা ক্ষুৰধাৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামৰ কঠোৰ সমালোচনা ৷
“ কংগ্ৰেছৰ বিধায়ক গৈ গৈ বৰ্তমান 21 জনহে আছেগৈ ৷ শুনিছো আৰু অলপ দিনতে আন কেইজনমান বিধায়কো যাব ৷ শুনিছো দল এৰা তালিকাত ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াও আছে ৷”- বুলি মন্তব্য এআইইউডিএফ বিধায়ক ৰফিকুল ইছলামৰ ।
“ কংগ্ৰেছৰ ভিতৰত এতিয়া কাৰো স্বাধীনতা নাই ৷ কংগ্ৰেছৰ বাকী থকা মুছলমান বিধায়কসকল আমাৰ দললৈ আহক ৷ আমি AIUDFয়ে সকলোকে লগত লৈ শক্তিশালী বিৰোধীৰ ভূমিকা ল’ম ”- এইদৰে কংগ্ৰেছৰ মুছলমান বিধায়কসকলক এআইইউডিএফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে আহ্বান জনালে । কেৱল সেয়ে নহয়, “ বিচাৰিলে কংগ্ৰেছৰ পৰা অহা মাজৰ এজনে আমাৰ CLP লিডাৰ হৈ যাব ৷ লগতে কেবিনেট মৰ্যাদা পাই যাব ৷ আমি দি দিম ৷”-বুলিও কংগ্ৰেছৰ মুছলমান বিধায়কসকললৈ বিশেষ অফাৰ এআইইউডিএফ বিধায়কগৰাকীৰ ।