গুৱাহাটী, 23 ফেব্ৰুৱাৰী:সমাগত লোকসভা নিৰ্বাচন ৷ দেশৰ লগতে ৰাজ্যৰ প্ৰন্তে-প্ৰান্তে ৰাজনৈতিক দলবোৰৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷ শুকুৰবাৰে অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ সময়ত বিধানসভা চৌহদৰ সমুখত বিৰোধী ঐক্যৰ বিৰুদ্ধে পুনৰ সৰৱ হোৱা পৰিলক্ষিত হ’ল জ্যেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷
বিধায়ক প্ৰশান্ত ফুকনে ইণ্ডি এলায়েঞ্চক কঠোৰভাৱে সমালোচনা কৰি অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক কংগ্ৰেছৰ ভোটাৰসকলেও ভোট নিদিয়ে বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ৷ উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চই জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰাৰ সম্ভৱনা আছে ৷ প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছৰ ভোটাৰসকলেই লুৰীণজ্যোতিক ভোট নিদিয়ে বুলি বিজেপি বিধায়ক প্ৰশান্ত ফুকনে শুকুৰবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চই লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে চিন্তা-চৰ্চা চলাইছে । প্ৰশান্ত ফুকনে কয়, "লুৰীণজ্যোতিয়ে আছুত থকাৰ সময়ত কংগ্ৰেছক যিমান গালি-গালাজ পাৰিছে, তাৰ বাবে তৃণমূল পৰ্যায়ৰ 70 শতাংশ কংগ্ৰেছৰ মানুহে লুৰীণজ্যোতিক সমৰ্থন নকৰে । লুৰীণজ্যোতিয়ে বিজেপি প্ৰাৰ্থীৰ হাতত 3 লাখ ভোটৰ ব্যৱধানত হাৰিব ।"