অসম

assam

ETV Bharat / politics

প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ বঙাইগাঁৱত উপস্থিত অগপ নেতা ফণীভূষণ চৌধুৰী

Phani Bhusan Choudhury in Bongagigaon: প্ৰাৰ্থিত্ব লাভৰ পিচত বঙাইগাঁও চহৰত প্ৰথমবাৰৰ বাবে উপস্থিত হয় বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী । উষ্ম আদৰণি জনায় দলীয় নেতা-কৰ্মীসকলে ।

MLA Phani Bhusan Choudhury arrived in Bongaigaon for-the-first-time-since-getting-candidature
প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ বঙাইগাঁৱত উপস্থিত অগপ নেতা ফণীভূষণ চৌধুৰী

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:09 AM IST

প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ বঙাইগাঁৱত উপস্থিত অগপ নেতা ফণীভূষণ চৌধুৰী

বঙাইগাঁও, 13 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব পোৱাৰ পিচত নিজ চহৰত উপস্থিত হয় বঙাইগাঁও বিধানসভা সমষ্টিৰ 8 বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰী । বিধায়কগৰাকীক বাইক ৰেলী কৰি উষ্ম আদৰণি জনায় দলৰ শতাধিক কৰ্মীয়ে । ইয়াৰ পিচতে বঙাইগাঁও জিলাৰ বৰপাৰাত অৱস্থিত অগপ দলৰ জিলা কাৰ্যালয়ত উপস্থিত হয় বিধায়কগৰাকী । বিধায়কগৰাকীক জিলা কাৰ্যালয়ত সম্বৰ্ধনা জনায় দলীয় নেতা-কৰ্মীসকলে ।

লগতে বিজেপি বঙাইগাঁও জিলা সভাপতি উজ্জ্বল কান্তি ৰায়ে চৌধুৰীক গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰে আৰু লগতে বিজেপি দলৰ কৰ্মীসকলেও বিধায়ক ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সংবাদ মাধ্যমৰ আগত বিধায়ক ফণীভূষণ চৌধুৰীয়ে সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰকাশ কৰে ।

সাংসদ নিৰ্বাচিত হ’লেও বিধায়কৰ দৰেই থাকিব অগপ নেতা ফণীভূষণ চৌধুৰী

বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাবৰ বাবেহে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছো । বৰপেটা লোকসভা সমষ্টিত অগপ দলৰ জয় হোৱাটো নিশ্চিত । বৰপেটা লোকসভা সমষ্টিত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয় । ধুবুৰী লোকসভা সমষ্টিত এইবাৰ লোকেল আৰু চালানীৰ খেলা হ’ব আৰু জাভেদ ইছলাম জয়ী হ’ব ।"

লগতে বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় , "সাংসদ হিচাপে নিৰ্বাচিত হ’লেও মই বিধায়কৰ দৰেই থাকিম ৰাইজৰ বাবে । প্ৰতিটো সময় ৰাইজে মোক কাষত পাব ।"

উল্লেখ্য যে, বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত মংগলবাৰে কংগ্ৰেছ দলে ঘোষণা কৰে 12 টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম । ইয়াৰ পাচতে বিৰোধী ঐক্যত খাম-খেয়ালিয়ে দেখা দিছে ৷ বৰপেটা সমষ্টিত চি পি আই এমৰ জ্যেষ্ঠ নেতা মনোৰঞ্জন তালুকদাৰৰ নামটো চৰ্চিত হৈ আহিছিল যদিও তাৰ পাচতো চি পি আই এম দলক উপেক্ষা কৰি কংগ্ৰেছ দলে বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দ্বীপ বায়নক প্ৰক্ষেপ কৰিছে । গতিকে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ ফলাফল কেনে হয় সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ পাচতে বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি

ABOUT THE AUTHOR

...view details