গুৱাহাটী, ৩০ আগষ্ট :ৰাজ্যত শেহতীয়াকৈ মাছৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ বিধানসভাতো ইয়াৰ চৰ্চা নোহোৱাকৈ থকা নাই । বিগত কেইদিনত মাছৰ প্ৰসংগ বিধানসভাত চৰ্চিত হোৱাৰ পিছত আজি পুনৰ মাছৰ কথা ওলাইছে বিধানসভাত । অৱশ্যে আজি মাছক লৈ বিতৰ্ক হোৱাৰ বিপৰীতে উৎপাদনৰ কথাহে কোৱা হৈছে ৷
বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি সামৰণিৰ দিনা অসমত মাছৰ উৎপাদনৰ প্ৰসংগত বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰশ্ন উত্থাপন কৰে ৷ এই সন্দৰ্ভত বিধায়ক শিকদাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
বিধায়কগৰাকীয়ে কয়, ‘‘অসমত চালানী মাছ বন্ধ কৰাৰ কথা কোৱা হৈছে যদিও এতিয়াও অসমলৈ আন ৰাজ্যৰ পৰা মাছ আহে ৷ ২০২১-২২ চনত ২৬৪৩০ মেট্ৰিক টন মাছ অসমলৈ অহাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত ১৮২৪০ মেট্ৰিক টন মাছ অসমলৈ আমদানি কৰা হয় ৷ এয়া চৰকাৰী তথ্য যদিও ইযাতকৈ বহু বেছি মাছ বহিঃৰাজ্যৰ পৰা অসমলৈ আহে ৷ মাছৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰৰ বহু আঁচনি আছে যদিও আঁচনিৰ ৮০ শতাংশ পুঁজিৰ সদব্যৱহাৰ নহয় । মীন বিভাগৰ আঁচনিসমূহে থলুৱা মীন পালকসকলক স্পৰ্শ কৰিব পৰা নাই । একাংশ মধ্যভোগী দালালৰ কৱলত আছে ৰাজ্যৰ মীন বিভাগৰ আঁচনিসমূহ । অসম চৰকাৰ তথা মীন বিভাগৰ সদিচ্ছা থাকিলে অসমলৈ বাহিৰৰ পৰা মাছ অহাটো বন্ধ হ’ব পাৰে । বাহিৰৰ মাছ অসমলৈ অহাৰ বাবে দায়ী ৰাজ্য চৰকাৰ ৷’’