শিৱসাগৰ, 30 জানুৱাৰী: শিৱসাগৰৰ বাবুপট্টিস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিধায়কগৰাকীয়ে বহুকেইটা বিষয় উপস্থাপন কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে । ভাৰত চৰকাৰৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এসপ্তাহৰ ভিতৰত ‘কা’ বলৱৎ হ'ব বুলি কৰা ঘোষণাক উভতি ধৰে বিধায়ক গগৈয়ে ।
বিধায়কগৰাকীয়ে কয় যে কা বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন । উক্ত গোচৰত কেন্দ্ৰীয় চৰকাৰ নিজেই এক পক্ষ আৰু উক্ত গোচৰত কেন্দ্ৰীয় চৰকাৰে নিজে শপতনামা দাখিল কৰি থৈছে । তেনেস্থলত এগৰাকী মন্ত্ৰীয়ে ন্যায়ালয়ক অৱমাননা কৰি এসপ্তাহত কা বলৱৎ হ'ব বুলি কোৱা কথা অনৈতিকেই নহয়, বেআইনীও । আনহাতে কা বলৱৎ হ'লে অসম,ত্ৰিপুৰা, পশ্চিম বংগ আদি ৰাজ্যত বাংলাদেশী হিন্দু নাগৰিকে কেনে প্ৰভাৱ পেলাব তাক ব্যক্ত কৰে বিধায়ক গগৈয়ে ৷
অখিল গগৈয়ে কয় যে পোনপ্ৰথমে অসমত থকা প্ৰায় বিশ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ লগতে বাংলাদেশৰ এক কোটি সত্তৰ লাখ বাংলাদেশী এই তিনিখন ৰাজ্যলৈ প্ৰবজন কৰাৰ আশংকা থাকিব । কা অসমত বলৱৎ কৰিলে ৰাইজে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি উল্লেখ কৰি তেওঁ অসমৰ সকলো জাতি-জনজাতি, ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনক ইয়াৰ বিৰুদ্ধে ঠিয় দিবলৈ আহবান জনায় ।
তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে আন্দোলন হ'ব আৰু দৰকাৰ হ’লে প্ৰাণো দিব । সংবাদমেলত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰে । দীপাংক নাথৰ বিজেপি গমণক তেওঁ কটাক্ষ কৰি কয় যে আছু নেতৃবৃন্দৰ বিজেপি দলৰ প্ৰতি এক গভীৰ অনুৰাগ আছে । যাৰ বাবে আছু নেতৃবৃন্দ বিজেপি দললৈ যাবলৈ বিচাৰে । অৱশ্যে এই প্ৰীতি এতিয়াৰ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে অসম আন্দোলনৰ দিনতে আৰএছএছ আৰু জনসংঘৰ লগত আছুৰ এক বুজাবুজি আছিল ।