অসম

assam

ETV Bharat / politics

মিঞা হাটাও অভিযান : আইন হাতত তুলি নল’বলৈ আহ্বান ৰণজিৎ কুমাৰ দাসৰ - Ranjeet Kumar Dass - RANJEET KUMAR DASS

Ranjeet Kumar Dass in Diphu : ডিফুত মন্ত্রীৰণজিৎ কুমাৰ দাস ৷ উজনিৰ মিঞা হাটাও অভিযান সম্পর্কত আইন হাতত তুলি নল'বলৈ পৰামৰ্শ ৷ চন্দ্র-সূর্য থকালৈকে কার্বি আংলঙত পঞ্চায়তীৰাজ প্রৱর্তন নহয় বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Ranjeet Kumar Dass in Diphu
নগাঁৱত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 10:07 PM IST

ডিফু, ২৬ আগষ্ট : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দুদিনীয়া সূচীৰে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলা ভ্ৰমণ কৰে । আজি ভ্ৰমণৰ অন্তিম দিন ।

নগাঁৱত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

ডিফুৰ তাৰালাংছ'স্থিত কাজিৰ ৰংহাংপী পৰিদর্শন বাংলাত বিভাগীয় বিষয়াসকলৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী । মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পৰিষদৰ বহু কার্যবাহী সদস্যৰ উপস্থিতিত প্ৰথমে গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় ।

বৈঠকত সময় মতে প্ৰধানমন্ত্ৰী আৱাস গৃহকে আদি কৰি আন আঁচনি ৰূপায়ণ কৰিব নোৱৰাৰ বাবে বিষয়াসকলক কঠোৰ বাক্য শুনায় মন্ত্ৰী দাস আৰু মুখ্য কার্যবাহী সদস্য ৰংহাঙে । আনহাতে, এই বৈঠকৰ অন্তত কাৰ্বি আংলং জিলা শিক্ষা বিভাগৰ জৰিয়তে টেট উত্তীর্ণ ৭৮ গৰাকী প্ৰার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে । সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত মন্ত্ৰী দাসে তেওঁৰ দায়িত্বত থকা দপ্তৰসমূহৰ বিষয়ে পর্যালোচনা কৰাৰ বাবে দুয়োখন জিলাত উপস্থিত হোৱা বুলি প্ৰকাশ কৰে ।

দেওবাৰে পশ্চিম কাৰ্বি আংলং জিলাত দুই কোটি টকা ব্যয় সাপেক্ষে এটা আত্মসহায়ক গোটৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰা বুলিও প্ৰকাশ কৰে ৰণজিৎ কিমাৰ দাসে । এই প্ৰশিক্ষণ কেন্দ্ৰত আত্মসহায়ক গোট আৰু পঞ্চায়তৰ বিষয়া-কর্মচাৰীক বিভিন্ন আঁচনি সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে তেওঁ । প্ৰধানমন্ত্ৰী আৱাস গৃহকে আদি কৰি বিভিন্ন আঁচনি সন্দৰ্ভত বিডিঅ’সকলৰ সৈতে মত বিনিময় কৰা বুলিও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে৷

প্ৰধানমন্ত্ৰীয়ে অসমক তিনি কোটি আৱাসগৃহ প্ৰদান কৰিব বুলি অৱগত কৰোৱাই ইয়াৰে ৬-৭ লাখ ঘৰ পাৰ্বত্য এলেকাক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে । সামগ্ৰিকভাৱে দুয়োখন জিলাৰ কাম-কাজৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ।

উজনিত চলি থকা মিঞা হাটাও অভিযান সন্দৰ্ভত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত কয়, ‘‘আইন মন্ত্ৰী হিচাপে মই কাকো আইন হাতত তুলি নল’বলৈ আহ্বান জনাইছো ৷ সকলোকে মোৰ আহ্বান এয়ে যে বে-আইনী কিবা থাকিলে চৰকাৰে আৰু ন্যায়ালয়ে ব্যৱস্থা ল’ব । প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীকে ধৰি কোনো আইনৰ উৰ্ধত নহয়৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ‘ছুপাৰ পাৱাৰ’ হ’বলৈ এই দেশত সকলোৱে সমিল-মিলেৰে বাস কৰিব লাগিব ৷’’

ষষ্ঠ অনুসূচীভুক্ত তিনিখন পাৰ্বত্য জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তিত হ’ব বুলি চলি থকা গুজব সন্দর্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এইটো প্ৰচাৰ এপিএইচএলচি দলৰ নেতা জনচ ইংতি কাথাৰে চলাইছে । চন্দ্ৰ-সূর্য থকালৈকে যষ্ঠ অনুসূচী এলেকাত পঞ্চায়তীৰাজ প্ৰৱর্তন নহয় । এয়া ৰাইজক বিভ্ৰান্ত কৰাৰ প্ৰচেষ্টা ৷’’

ইপিনে, বিটিএডিত ইউ পি পি এল আৰু বি পি এফৰ মাজত মিত্ৰতাৰ সম্ভাৱনাক লৈ প্ৰশ্ন কৰাত দাসে কয়, ‘‘বি টি এ ডিত সকলোৱে যদি বিচাৰে বিজেপিয়ে নেতৃত্ব দিব লাগে, তেনেহ’লে সুকীয়া কথা । ইয়াৰ উদাহৰণ তুলিৰাম ৰংহাং ৷ কাৰ্বি আংলংবাসীয়ে বিচৰাৰ বাবে তুলিৰাম ৰংহাঙৰ নেতৃত্বত ইয়াত পৰিষদ গঠিত হৈছে । কিন্তু বি টি এ ডিত আমি ক্ষমতাৰ অংশীদাৰ হ’ব বিচাৰো ৷ বিটিআৰত বিজেপি ছুপাৰ পাৱাৰ হ’বলৈ নাযায় ৷’’

লগতে পঢ়ক :অসমীয়া মানুহে নিজৰ সংস্কৃতিৰ বাবে সচেতন হোৱাটো স্বাভাৱিক : জয়ন্ত মল্লবৰুৱা

বণ্ড চাইন অভিযান: কোন সংগঠনৰ নেতালৈ প্ৰশাসনৰ চমন ?

বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সকীয়নি মিঞা পৰিষদৰ

ABOUT THE AUTHOR

...view details