অসম

assam

ETV Bharat / politics

গান্ধী পৰিয়াল নাথাকিলে কংগ্ৰেছ শেষ হৈ যাব : ৰণজিৎ কুমাৰ দাস - Lok sabha Election 2024

BJP road show in Barpeta : বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰভোগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৰোড শ্ব’ ৷ গান্ধী পৰিয়াল নাথাকিলে কংগ্ৰেছ শেষ হৈ যাব বুলি দলটোক আক্ৰমণ দাসৰ ৷

By ETV Bharat Assamese Team

Published : May 5, 2024, 7:02 AM IST

Minister ranjeet kumar dass road show in sorbhog for c3 rd phase of Lok sabha Election
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৰোড শ্ব’ (Etv bharat assam)

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৰোড শ্ব’ (Etv bharat assam)

বৰপেটাৰোড, 5 মে’:বৰপেটা লোকসভা সমষ্টি নিজৰ তথা মিত্ৰদলৰ দখললৈ আনিবলৈ তৎপৰ বিজেপি ৷ বৰপেটা লোকসভা সমষ্টিৰ পৰা অগপ-বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰসমৰ্থনত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বিজেপিয়ে ৷

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ শনিবাৰে সৰভোগত আয়োজন কৰা ৰোড শ্ব’ত অংশ ল’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ এই সন্দৰ্ভত দাসে কয়, "ধুবুৰীত এজিপি আৰু এ আই ইউ ডি এফৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ’ব । কংগ্ৰেছৰ নিজৰ দলৰ ভিতৰতে যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে কংগ্ৰেছক বয়কট কৰিছে ৷ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পৰা কংগ্ৰেছৰ মানুহ আঁতৰি গৈ আছে । সেইকাৰণে ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ’ব এজিপি ভাৰ্ছেজ এ আই ইউ ডি এফ ৷"

তাৰোপৰি কংগ্ৰেছ এটা পৰিয়ালৰ দল বুলি অভিহিত কৰি গান্ধী পৰিয়াল নাথাকিলে কংগ্ৰেছ শেষ হৈ যাব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ তাৰ বিপৰীতে বিজেপি-এজিপি আৰু ইউ পি পি এল দল পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি উল্লেখ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিজেপি, এজিপি আৰু ইউ পি পি এল দলে সমূহীয়া সিদ্ধান্ত ৰাইজৰ জৰিয়তেহে লয় বুলি সংবাদ মাধ্যমৰ আগত কয় ৷

উল্লেখ্য যে, বৰপেটা লোকসভা সমষ্টিত অগ‌পৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দীপ বায়ন আৰু অজাপৰ‌ পৰা ওলাই আহি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দুলু আহমেদে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ সমষ্টিটোত বিশেষ নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে ফণীভূষণ চৌধুৰী, মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নৰ ৷

লগতে পঢ়ক:বৰপেটাত চি পি আই এমৰ শক্তি প্ৰদৰ্শন : মনোৰঞ্জন তালুকদাৰৰ হৈ সীতাৰাম য়েচুৰিৰ প্ৰচাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details