অসম

assam

ETV Bharat / politics

ভূপেন বৰাক ঘোঁ‌ৰাৰ সৈতে তুলনা জয়ন্ত মল্ল বৰুৱাৰ - Lok Sabha Election 2024

Jayanta Malla Baruah: ভূপেন বৰাক ঘোঁৰা বুলি কিয় ক’লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ? নিজকে জাতিয়তাবাদী বুলি কোৱাসকল কংগ্ৰেছৰ লগত থকাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কি ক’লে?

JAYANTA MALLA BARUAH
মৰাণৰ পথালিবামত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 9:35 PM IST

মৰাণৰ পথালিবামত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিব্ৰুগড়, 7 এপ্ৰিল : ভূপেন বৰাক ঘোঁৰাৰ সৈতে তুলনা কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ মন্ত্ৰীগৰাকীৰ মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে থিয়ৈ থিয়ৈ শুব পাৰে আৰু থিয়ৈ থিয়ৈ সপোন দেখিব পাৰে ৷ সেইবাবেই ভূপেন বৰাই সপোন দেখি থাকে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

উল্লেখ্য যে দেওবাৰে মৰাণত ভূপেন বৰাই মন্তব্য কৰিছিল যে আগন্তুক 100 দিনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰিব ৷ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূপেন বৰাক ঘোঁৰা আখ্যা দিয়ে ৷

দেওবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ মৰাণৰ পথালিবাম চাওৰালাইনত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মৰাণত উপস্থিত হোৱাৰ পিচতেই বিজেপি কৰ্মীসকলে বিশাল বাইক ৰেলীৰে সভাস্থলীলৈ আদৰণি আনে মন্ত্ৰীগৰাকীক ৷

মৰাণত সৰ্বানন্দ সোণোৱালৰ হৈ নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । ইয়াৰ পিচতে শ শ ৰাইজৰ উপস্থিতিত মৰাণৰ পথালিবাম চাওৰালাইনত বিজেপি বিশাল নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

সভাত ভাষণ ৰাখি মন্ত্ৰীগৰাকীয়ে কয়, “ যিজন মানুহে মাক দেউতাকক লৈ গালি পাৰে, সেই মানুহেই আকৌ পৰিয়ালৰ ওচৰলৈ গৈ সেৱা কৰে, ফটো উঠে । এয়াই তেওঁৰ জাতীয়তাবাদ ।’’

লগতে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে ডিব্ৰুগড়ত বিৰোধীশূণ্য পৰিৱেশ । সৰ্বানন্দ সোণোৱাল ৬ লাখ ভোটৰ ব্যৱধানত জিকিব ৷ আনহাতে দেওবাৰে বিৰোধী ঐক্য মঞ্চৰ সভাৰ বাবে মৰাণৰ এক প্ৰেক্ষাগৃহৰ অনুমতি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে ৷ সেই সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাই কয়, ‘‘কংগ্ৰেছে মানুহ গোটাব নোৱাৰি চৰকাৰৰ ওপৰত দোষ জাপি দিছে প্ৰেক্ষাগৃহৰ অনুমতি নিদিয়ে বুলি ।’’

লগতে পঢ়ক:সিদিনালৈকে মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কৈছিল:প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details