অসম

assam

ETV Bharat / politics

বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে লুৰীণজ্যোতি মোৰো প্ৰাৰ্থী : পৱন সিং ঘাটোৱাৰ - Lok sabha Election

Lok sabha Election 2024: মাৰ্ঘেৰিটাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক উষ্ম আদৰণি কৰ্মী-সমৰ্থকৰ । সভাত উপস্থিত জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ ৷ সৰ্বানন্দ আৰু পৱন সিং ঘাটোৱাৰৰ সন্দৰ্ভত শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত ঘাটোৱাৰৰ ৷

Congress leader Paban Singh Ghatowar expressed his anger against the media
সংবাদ মাধ্যমৰ বিৰুদ্ধে কিয় গৰজিল জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ?

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:04 AM IST

Updated : Mar 19, 2024, 1:26 PM IST

অজাপৰ প্ৰতীক জাহাজ সম্পৰ্কে বহু সংখ্যক ভোটাৰেই অৱগত নহয় : পৱন সিং ঘাটোৱাৰ

ডিব্ৰুগড়/তিনিচুকীয়া, 19 মাৰ্চ :নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে ৷ অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়েও আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷

দেওবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চৰ দ্বাৰা মনোনীত প্ৰাৰ্থীগৰাকীয়ে ৷ লুৰীণজ্যোতি গগৈয়ে দেওবাৰৰ আবেলি এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি দলৰ প্ৰাৰ্থী তথা তেওঁৰ প্ৰতিদ্বন্দ্বী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সমালোচনাত সোচ্চাৰ হৈ পৰে । বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনক ফেচিষ্ট আৰু গণতন্ত্ৰ বিৰোধী আখ্যা দিয়ে গগৈয়ে ।

এই সভাত বিৰোধী ঐক্য মঞ্চৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীৰ লগত উপস্থিত থাকে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ ৷ ডিব্ৰুগড়ত শনিবাৰৰ নিশা বিজেপি নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ কাষত এক অনুষ্ঠানত তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নিৰ্বাচনত জয়ী হ’বই বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে ৷ সোমবাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়ে ঘাটোৱাৰে ৷

ঘাটোৱাৰে কয়, " সেইখন আছিল ভাৰতীয় চাহ সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা ৷ অৰাজনৈতিক সভাখনত সৰ্বানন্দ সোণোৱাল আৰু মই উপস্থিত আছিলো ৷ জ্যেষ্ঠ হিচাবে কোনোবাই আৰ্শীবাদ বিচাৰিলে আমিতো দিমেই ৷ আৰ্শীবাদ বিচৰা কনিষ্ঠজনক অভিশাপ দিয়াটো আমাৰ সভ্যতা-সংস্কৃতিৰ পৰিপন্থী ৷ সিদ্ধান্ত ডিব্ৰুগড়ৰ ৰাইজে ল’ব ৷"

লগতে, সংবাদ মাধ্যমৰ ওপৰত ক্ষোভ ব্যক্ত কৰি ঘাটোৱাৰে কয়, "বৰ্তমানৰ বেছিভাগ সংবাদ গোষ্ঠীয়ে বিজেপি চৰকাৰৰ হৈ কাম কৰিছে ৷ সেয়ে সংবাদ মাধ্যমৰ সকলো কথা বিশ্বাস নকৰিব । ডিব্ৰুগড় লোকসভা সমষ্টিত নতুন প্ৰতীক চিহ্ন (জাহাজ) সম্পৰ্কে বহু সংখ্যক ভোটাৰ ৰাইজ অৱগত নহয় ৷ ইয়াৰ বাবে লুৰীণজ্যোতি গগৈ কিছু প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব পাৰে ।"

লগতে, লুৰীণজ্যেতিৰ সভালৈ যুৱকসকলৰ সহযোগিতা দেখি জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে এয়া পৰিৱৰ্তনৰ ইংগিত বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত অসম জাতীয় পৰিষদৰ বহুসংখ্যক নেতা-কৰ্মীৰ লগতে কেইবা শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত একেখন আসনত শাসক-বিৰোধী !

Last Updated : Mar 19, 2024, 1:26 PM IST

ABOUT THE AUTHOR

...view details