মৰাণ, 26 মে’:দুই আঞ্চলিক শক্তি ক্ৰমে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰিকৰণৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্যক পোনচাটে নাকচ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ সময়ৰে পৰা দাবী কৰি আহিছে যে, দুয়োটা দল একলগ হোৱাৰ বাবে ইতিমধ্যে বহু আলোচনা হৈছে । অৱশ্যে অখিল গগৈয়ে কোৱাৰ দৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হৈ নতুন আঞ্চলিক দল গঠনক সমৰ্থন কৰা নাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।
অখিল গগৈয়ে দুই আঞ্চলিক শক্তি চামিলকৰণৰ সন্দৰ্ভত প্ৰকাশ কৰি অহা বক্তব্যবোৰ পোনচাটে নাকচ কৰি সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈয়ে কয়, "অজিত কুমাৰ ভূঞাৰ কথা মতেহে আঞ্চলিক দল গঠনৰ পোষকতা কৰো । জাতীয়তাবাদৰ পৰিসৰ উজনি অসমৰ গগৈৰ মাজত সীমাবদ্ধ কৰিব বিচৰা নাই । সকলো জাতি-জনগোষ্ঠীক লৈ জাতীয়তাবাদ গঢ়িব বিচাৰো" ।