লখিমপুৰ, 4 মাৰ্চ : মুঠ 9 টা বিধানসভা সমষ্টিৰে গঠিত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা শেহতীয়া বিন্যাসত দুটা সমষ্টি বাদ পৰাৰ বিপৰীতে আন দুটা নতুন সমষ্টি অন্তর্ভূক্ত হয় ৷ এনেদৰে সমষ্টিটোত বিন্যাস ঘটিলেও সমাগত নিৰ্বাচনত শাসকীয় দলৰ বাবে কোনো সমস্যা নহয় বুলি মন্তব্য কৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷ তেওঁ কয় যে, সমষ্টি পুনৰ বিন্যাসত লখিমপুৰ লোকসভা সমষ্টি শক্তিশালীহে হ’ল ৷ সেইবাবে এই সমষ্টিটো শাসকীয় দলটোৰ বাবে অনুকূল হৈ উঠাৰ সম্ভাৱনা আছে ৷
মুঠ 9 টা বিধানসভা সমষ্টিৰে গঠিত হৈছে 14 নং লখিমপুৰ লোকসভা সমষ্টি ৷ লখিমপুৰ, ধেমাজিৰ পৰা তিনিচুকীয়া জিলাক সামৰি 9 টা বিধানসভা সমষ্টিৰে গঠিত হৈছে এই সমষ্টি ৷ বিগত 2019 ৰ লোকসভা নিৰ্বাচন পৰ্যন্ত লখিমপুৰ লোকসভা সমষ্টিৰ অন্তর্ভুক্ত হৈ আছিল মাজুলী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া বিধানসভা সমষ্টি ৷ পিছে শেহতীয়াকৈ কাৰ্যকৰী কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত লখিমপুৰ লোকসভা সমষ্টিলৈ কিছু পৰিৱৰ্তন আহে ৷ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বাদ দিয়া হয় চাবুৱা আৰু মাজুলী বিধানসভা সমষ্টি ৷ বিপৰীতে নতুনকৈ বিন্যাস ঘটোৱা দুটা বিধানসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিত সংযোজন কৰা হয় ৷ যাৰ বাবে লোকসভা সমষ্টিৰ পৰা দুটা সমষ্টি বাদ দিলেও পুনৰ দুটা সমষ্টি সংযোজন কৰাত মুঠ বিধান সভা সমষ্টিৰ সংখ্যা একেই থাকিল ৷
দুটা সমষ্টি বাদ দি দুটা সমষ্টি নতুনকৈ অন্তর্ভুক্ত কৰাৰ ফলত ভোটাৰৰ সংখ্যা হ্ৰাস বৃদ্ধিৰ দিশটো লক্ষ্য কৰিলে দেখা যায় যে এই পৰিৱৰ্তনৰ ফলত সমষ্টিটো শক্তিশালীহে হ’ল ৷ কিয়নো পূৰ্বৰ তথ্য মতে মাজুলী সমষ্টিত আছিল 1 লাখ 33 হাজাৰ 227 জন ভোটাৰ ৷ তেনেদৰে চাবুৱা সমষ্টিত আছিল 1 লাখ 65 হেজাৰ 742 জন ভোটাৰ ৷ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বাদ দিয়া এই দুটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল 2 লাখ 98 হাজাৰ 969 জন ৷ আনহাতে নকৈ সংযোজন কৰা ৰঙানদী সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল 1 লাখ 69 হেজাৰ 855 জন ৷ চিচিবৰগাঁও সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল 1 লাখ 75 হেজাৰ 202 জন ৷ নতুন সমষ্টি দুটাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল 3 লাখ 45 হাজাৰ 57 জন ৷ অৰ্থাৎ 46 হেজাৰ 48 জন ভোটাৰ নতুনকৈ অন্তর্ভুক্ত হ’ল লখিমপুৰ লোকসভা সমষ্টিত ৷