সন্ধিয়া 5 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ62.31%
- অন্ধ্ৰ প্ৰদেশ 68.04%
- তেলেংগানা 61.16%
- উত্তৰ প্ৰদেশ 56.35%
- মহাৰাষ্ট্ৰ 52.49%
- পশ্চিমবংগ 75.66%
- মধ্যপ্ৰদেশ 68.01%
- বিহাৰ 54.14 %
- ঝাৰখণ্ড 63.14 %
- ওড়িশা 62.96%
- জম্মু-কাশ্মীৰ 35.75%
Published : May 13, 2024, 7:03 AM IST
|Updated : May 13, 2024, 6:37 PM IST
18:32 May 13
LS ELECTION PHASE 4 : দেশৰ 10 খন ৰাজ্যৰ 96 টা সমষ্টিত অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ সন্ধিয়া 5 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 62.31% ৷
সন্ধিয়া 5 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ62.31%
16:48 May 13
দিনৰ 3 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 40.32%
14:07 May 13
দিনৰ 1 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 40.32%
13:24 May 13
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে বিজেপিৰ মাধৱী লাথাই ভোটাৰৰ ID পৰীক্ষা কৰি থকা সন্দৰ্ভত মত প্ৰকাশ কৰে :
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে বিজেপিয়ে মুছলমান ভোটক মেৰুকৰণৰ চেষ্টা চলাইছে । বিজেপিৰ প্ৰাৰ্থী মাধৱী লথাই একাংশ ভোটাৰৰ ID পৰীক্ষা কৰা দেখা পোৱা এটা ভিডিঅ’ৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত ৰেড্ডীৰ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
তেওঁ কয়, "মই (ভিডিঅ'টো) দেখা নাই, কিন্তু বিজেপিয়ে কেৱল মুছলমান ভোটক মেৰুকৰণ কৰি জয়ী হ'বলৈ চেষ্টা কৰিছে ৷ এই সকলোবোৰ বিষয়ে আছাউদ্দিন ওৱাইছিক সহায় কৰিবলৈ গৈ আছে । ইয়াৰ দ্বাৰা বিজেপিৰ কোনো লাভ নহ'ব ।"
13:10 May 13
YSRCP ৰ বিধায়ক শিৱ কুমাৰে শাৰী পাতি ৰৈ থকা ভোটাৰক মাৰিলে চৰ:
অন্ধ্ৰ প্ৰদেশত তেনালি বিধানসভা সমষ্টিৰYSRCP ৰ বিধায়ক শিৱ কুমাৰে এটা ভোটগ্ৰহণ কেন্দ্ৰত শাৰী থখা এজন ভোটাৰক সোধালে পূৰ্ণহতীয়া চৰ ৷ অভিযোগ অনুসৰি, ভোটাৰগৰাকীয়ে শাৰী পাতি থকা ৰাইজক অশান্তি কৰিছিল ৷ সেয়ে তেওঁক শাৰীত ভালদৰে ৰৈ থাকিবলৈ কোৱা হৈছিল । কথা নুশুনাৰ বাবে ক্ষুব্ধ হৈ বিধায়কগৰাকীয়ে ভোটাৰগৰাকীক সোধালে চৰ ৷
ইয়াৰ পাচতে ভোটাৰজনেও চৰ বিধায়কগৰাকীক মাৰি প্ৰতিশোধ লয় । তেতিয়াই উক্ত ভোটকেন্দ্ৰটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আনকি বিধায়কগৰাকী আৰু তেওঁৰ কৰ্মীসকলে ভোটাৰজনৰ ওপৰত প্ৰহাৰ কৰে ।
11:51 May 13
পুৱা 11 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 24.87%
11:12 May 13
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে সাব্যস্ত কৰিলে গণতান্ত্ৰিক অধিকাৰ :
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে খুঁটি লোকসভা সমষ্টিৰ অন্তৰ্গত শৰাইকেলা খাৰছাৱান জিলাৰ জিলিংগোৰাত ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ । ভোটদানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চম্পাইয়ে ৰাইজক ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।
10:04 May 13
পুৱা 9 বজালৈকে 10 ৰাজ্যৰ সামগ্ৰিক ভোটদানৰ হাৰ 10.35%
09:47 May 13
পশ্চিম বংগত বোমা বিস্ফোৰণত নিহত TMC ৰ কৰ্মী
দেওবাৰে সন্ধিয়া পূর্ব বর্ধমান জিলাৰ কেটুগ্রামত সংঘটিত বোমা বিস্ফোৰণত নিহত হয় এজন তৃণমূল কংগ্রেছ কর্মী ৷ বিয়লি দেৰিকৈ ঘৰলৈ উভতি অহাৰ পথতে মিন্টু শ্বেখ (৪৫) লগত সংঘটিত হয় এই ঘটনাটো ।
সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, কেতুগ্ৰাম বিধানসভাৰ চেঞ্চুৰী গাঁৱৰ সমীপত একাংশ দুস্কৃতিকাৰীয়ে তেওঁৰ পথ অৱৰোধ কৰে । তাৰ পাচত চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰে । তাৰ পিছত আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত বোমা নিক্ষেপ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় মিন্টু শ্বেখ । পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় শ্বেখৰ ।
উল্লেখ্য যে, পশ্চিম বংগৰ আঠখন সংসদীয় আসন ক্ৰমে বাহাৰমপুৰ, কৃষ্ণনগৰ, ৰানাঘাট, বৰধমন পূৰবা, বুৰ্দৱান-দুৰ্গাপুৰ, আছানছল, বলপুৰ, বীৰভূমত আজি চতুৰ্থ পৰ্যায়ত ভোটদান চলি আছে । পুৱা 9 বজালৈকে পশ্চিম বংগত 15.24% ভোটদান হৈছে ৷
06:38 May 13
নিউজ ডেস্ক, 13 মে’ : 13 মে’ অৰ্থাৎ আজি (সোমবাৰ) 10 খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96 টা সমষ্টিত অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন । পুৱা 7 বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইফালে ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে (পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ) তেলেংগানাৰ 17 টা সংসদীয় সমষ্টিৰ কিছু বিধানসভা খণ্ডত ভোটদানৰ সময় বৃদ্ধি কৰিছে ৷
আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 10 ৰাজ্য হৈছে-
এই ভোটগ্ৰহণৰ বাবে সৰ্বমুঠ 19 লাখৰো অধিক বিষয়াক 1.92 লাখ ভোটকেন্দ্ৰত নিয়োজিত কৰা হৈছে ৷ 17.7 কোটিৰো অধিক ভোটাৰে (8.97 কোটি পুৰুষ আৰু 8.73 কোটি মহিলা) অংশগ্ৰহণ কৰিব দেশৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৷