অসম

assam

ETV Bharat / politics

লখিমপুৰত ইছ্যু থকা স্বত্বেও ৰাইজৰ কাষ চাপিব পৰা নাই বিৰোধী শিবিৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lakhimpur LS : বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া যুঁজ হোৱাৰ সম্ভাৱনা । শাসকীয় দলৰ ৰথী-মহাৰথী অৱতীৰ্ণ লখিমপুৰৰ নিৰ্বাচনী প্ৰচাৰত । প্ৰদান বৰুৱাই হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে । মিশ্রিত জনগাঁথনিৰে ভৰা কেইবাটাও বিধানসভা সমষ্টিত দেউৰী, মিচিং, সোণোৱাল কছাৰী, আহোম, চুতীয়া, চাহ শ্রমিক আদি জনগোষ্ঠীৰ ভোটাৰৰ আছে নিৰ্ণায়ক ভূমিকা । ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাৰ বাবে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধখন আগবঢ়াই নিয়াটো ইমান সহজসাধ্য নহয় । ইছ্যুৰ অভাৱ নাই যদিও ৰাইজৰ ওচৰত সবলভাৱে দাঙি ধৰিব পৰা নাই বিৰোধীয়ে ।

Lok Sabha Election 2024
লখিমপুৰত ইছ্যু থকা স্বত্বেও ৰাইজৰ কাষ চাপিব পৰা নাই বিৰোধী শিবিৰ

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 6:46 AM IST

গুৱাহাটী, ৭ এপ্রিল :ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে সমষ্টি কেইটাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভিতৰত আছে ১২ নং লখিমপুৰ লোকসভা সমষ্টি । লখিমপুৰ সমষ্টিটো ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে শাসক-বিৰোধী উভয়ে । নিৰ্বাচনী ৰণত নামি পৰিছে ৰথী-মহাৰথী । আনকি বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে ।

লক্ষণীয় বিষয় যে, লখিমপুৰত এইবাৰ বিজেপি প্রার্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছ প্রার্থী উদয় শংকৰ হাজৰিকাকে ধৰি ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও কোনো এটা দল তথা প্রার্থীয়ে সমষ্টিটোৰ জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত দৃঢ় স্থিতিৰে ভোটাৰ ৰাইজৰ কাষ চাপিব পৰা নাই । লখিমপুৰ সমষ্টিত ৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব বুলি ধাৰণা কৰা হৈছে ।

সমষ্টিটোত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল হৈছে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, বিজেপিৰ প্ৰদান বৰুৱা, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, কমিউনিষ্ট পার্টি অব ইণ্ডিয়াৰ ধীৰেণ কছাৰী, ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) পল্লৱ পেগু, ভোটাৰ্ছ পার্টি ইন্টাৰনেচনেল বীৰেণ বাইলুং, নিৰ্দলীয় গোবিন বিশ্বকর্মা, নির্দলীয় দেৱ নাথ পাইট আৰু নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰী ।

লখিমপুৰত ইছ্যু থকা স্বত্বেও ৰাইজৰ কাষ চাপিব পৰা নাই বিৰোধী শিবিৰ

সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে যদিও কিছু পৰিমাণে জনগোষ্ঠীয় ভোট বিভাজনৰো সম্ভাৱনা আছে । মিশ্রিত জনগাঁথনিৰে ভৰা কেইবাটাও বিধানসভা সমষ্টিত দেউৰী, মিচিং, সোণোৱাল কছাৰী, আহোম, চুতীয়া, চাহ শ্রমিক আদিজনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । বিজেপি প্রার্থী তথা সাংসদ প্ৰদান বৰুৱাই বিগত কার্যকালত সংসদত কোনো সক্রিয়তা দেখুৱাব নোৱাৰিলে যদিও হিতাধিকাৰী ভোটাৰৰ ওপৰতেই তেওঁৰ শেষ ভৰসা ।

ইফালে বহু ইছ্যু থকাৰ পাচতো সেইসমূহক জনতাৰ ওচৰত বলিষ্ঠভাৱে দাঙি ধৰিব পৰা নাই কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই । বিশেষকৈ লখিমপুৰ আৰু ধেমাজিৰ বাবে অভিশাপস্বৰূপ নামনি সোৱণশিৰি নদীবান্ধ, অসম-অৰুণাচল সীমা বিবাদ, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, খেতিয়কৰ সমস্যা, নিবনুৱাৰ সমস্যা আদি প্ৰসংগক বলিষ্ঠভাৱে উত্থাপন কৰিব পৰা নাই কংগ্ৰেছৰ লগতে আন প্ৰাৰ্থীসকলেও ।

লক্ষণীয় বিষয় যে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিয়েই প্রার্থিত্ব লাভ কৰা ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাৰ বাবে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধখন আগবঢ়াই নিয়াটো ইমান সহজসাধ্য নহয় । অন্যান্য প্রার্থীসকলৰ মাজত কিছু ভোটৰ বিভাজন হ'লেও কাৰ্যতঃ মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ'ব বুলি ধ‍াৰণা কৰা হৈছে ।

উল্লেখ্য যে, লখিমপুৰ লোকসভা সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১৫,৬৯,৫৩১ গৰাকী । ইয়াৰ ভিতৰত ৭,৮১,৭৯৪ জন পুৰুষ আৰু ৭,৮৪,৪৩২ গৰাকী মহিলা ভোটাৰ । আনহাতে তৃতীয় লিংগৰ ভোটাৰ ১৫ গৰাকী । লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিত আছে ১,৬৯,৮৫৫ গৰাকী ভোটাৰ । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮৪,৬২১ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৪,৮২০ গৰাকী ।

সেইদৰে নাওবৈচা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৬৮,৫১১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৮৪,৯৫৮ আৰু মহিলা ভোটাৰ ৮৩,৫১০ গৰাকী । লখিমপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৬৬,৫০৯ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৮২,০৪১ জন আৰু মহিলা ভোটাৰ ৮৩,৯৪৯ গৰাকী ।

ঢকুৱাখনা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৬০,৮৯৬ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮০,৭৯৫ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭৯,৬৯২ গৰাকী । ধেমাজি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৭১,৬০৯ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮৫,৩৮৯ জন আৰু মহিলা ভোটাৰ সংখ্যা ৮৫,৭৩০ গৰাকী ।

চিচিবৰগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৭৫,২০২ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৮৮,৪৮৪ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৬,১৩৯ গৰাকী । জোনাই বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,১৪,০৯৫ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,০৬,৬৯৫ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,০৭,১৮১ গৰাকী ।

শদিয়া বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৯৯,৬৬৫ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৯৯,৯৯৩ জন আৰু মহিলা ভোটাৰ ৯৯,১৭০ গৰাকী । ডুমডুমা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪৩,১৯৬ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৬৮,৮১৮ জন আৰু মহিলা ভোটাৰ ৭৪,২৪১ গৰাকী । উল্লেখ্য যে, লোকসভা সমষ্টিটোৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১,৭৭৫টা ।

লগতে পঢ়ক :গামোচা এতিয়া ৰাজনীতিৰ বিষয় ! সামাজিক মাধ্যমত ৰাজনীতিকৰ যুদ্ধ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details