অসম

assam

ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন : মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধীৰ অসম ভ্ৰমণ বাতিল - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

প্ৰধান বিৰোধী দল কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰ্যসূচী বাতিল ৷ দলটোৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷

congress leaders cancel Assam visit before Election
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 12:07 PM IST

গুৱাহাটী, 21 এপ্ৰিল : ৰাজ্যত ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বাকী দুটা পৰ্যায়ৰ নিৰ্বাচন এতিয়াও অনুষ্ঠিত হ’বলৈ বাকী ৷ তাৰ পৰিপ্ৰেক্ষিতত নামী-দামী ৰাজনৈতিক ৰথী-মহাৰথীৰে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী অশ্বমেধৰ ঘোঁৰাক স্তব্ধ কৰাৰ প্ৰয়াস ৷ বিশেষকৈ গেৰুৱা দল বিজেপিয়ে ইয়াৰ বাবে জোৰদাৰ প্ৰস্তুতি চলোৱাৰ বিপৰীতে পিচ পৰি থকা নাই বিৰোধী দলসমূহো ৷

কিন্তু, তাৰ মাজতে বাতিল কৰা হৈছে বিৰোধী দল কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰ্যসূচী ৷ প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই সদৰী কৰা অনুসৰি, বাতিল কৰা হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ লগতে সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণৰ কাৰ্যসূচী ৷ বিগত 17 এপ্ৰিলত অৰ্থাৎ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যোৰহাট সমষ্টিলৈ অহাৰ কথা আছিল ৰাহুল গান্ধী ৷ যুৱনেতাগৰাকীয়ে গৌৰৱ গগৈৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণৰ কথা আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত বাতিল কৰা হয় এই কাৰ্যসূচী ৷

আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বেও 20 এপ্ৰিলত ৰাহুল গান্ধী অসমলৈ প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল ৷ নগাঁও লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত ধূপগুৰিত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে প্ৰচাৰ চলোৱাৰ কথা দলীয় সূত্ৰই প্ৰকাশ কৰিছিল ৷ পিছে এই কাৰ্যসূচীও মূৰকত বাতিল কৰা হয় ৷

কেৱল ৰাহুল গান্ধীয়েই নহয়, 21 এপ্ৰিলত অসমলৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে আহিবলগীয়া কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰো ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছে ৷ নেতাগৰাকীয়ে আলগাপুৰত কংগ্ৰেছৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল ৷ কিন্তু শেষ মুহূৰ্তত খাৰ্গেৰ কাৰ্যসূচী বাতিল কৰা হয় ৷

এনেদৰে , নিৰ্বাচনৰ প্ৰাকক্ষণত এগৰাকীৰ পিচত আনগৰাকী কংগ্ৰেছ নেতাৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিবলগীয়া কাৰ্যই ভোটাৰ ৰাইজৰ মনত বহু প্ৰশ্নৰ অৱতাৰণা কৰা দেখিবলৈ পোৱা গৈছে ৷ আন একাংশই দাবী কৰা অনুসৰি, বিৰোধী দলটোৱে যেন নিৰ্বাচনৰ পূৰ্বেই ফলাফলৰ আশংকা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মুঠৰ ওপৰত হাই প্ৰফাইল নেতাৰ জৰিয়তে বিজেপিয়ে জোৰদাৰ প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰচাৰ কাৰ্যসূচী তেনেই নিস্তেজ হৈ পৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে দলটোৰ হৈ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে তিতাবৰলৈ আহি ৰাহুল গান্ধীৰ হৈ প্ৰচাৰ চলাই গৈছিল ৷

লগতে চাওক:কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হ’লে ত্ৰিশ লাখ খালী পদত হ’ব নিযুক্তি: পৰিয়ালৰ এগৰাকী মহিলাক বছৰি ১ লাখকৈ টকা - Priyanka Gandhi Assam Roadshow

ABOUT THE AUTHOR

...view details