অসম

assam

কমল হাছানৰ দল চামিল হ’ল মিত্ৰজোঁটত: লাভ কৰিব ৰাজ্যসভাৰ আসন

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 5:34 PM IST

MNM joined DMK led alliance: কমল হাছান নেতৃত্বাধীন মাক্কাল নিধি মাইয়াম দল চামিল হ’ল ডিডিএমকে নেতৃতাধীন মিত্ৰজোঁটত ৷ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মিত্ৰজোঁটত চামিল হোৱা দলটোৱে লাভ কৰিব ৰাজ্যসভাৰ এখন আসন ৷

Kamal Haasan Rajya Sabha Seat
কমল হাছানৰ দল চামিল হ’ল মিত্ৰজোঁটত

চেন্নাই, 9 মাৰ্চ: অভিনয় জগতত অপাৰ জনপ্ৰিয়তা লাভৰ পিচত ৰাজনৈতিক জগতত প্ৰৱেশ কৰা কমল হাছান নেতৃত্বাধীন মাক্কাল নিধি মাইয়াম দল চামিল হ’ল ডিডিএমকে নেতৃতাধীন মিত্ৰজোঁটত ৷ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মিত্ৰজোঁটত চামিল হোৱা দলটোক 2025ৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে এখন আসন দিয়া হৈছে ৷

কমল হাছানে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁৰ দলটোৱে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে যদিও নিৰ্বাচনকেন্দ্ৰিক সকলো কাৰ্যকলাপত মিত্ৰজোঁটক সহায় কৰিব ৷ তেওঁ কয় যে দেশৰ উন্নতিৰ বাবেহে তেওঁ মিত্ৰজোঁটৰ প্ৰতি হাত আগবঢ়াইছে ৷ কোনোদিন ক্ষমতা নিবিচাৰে ৷

চেন্নাইস্থিত ডিএমকেৰ মুখ্য কাৰ্যালয়ত আন্না আৰিভালয়ামৰ লগতে কমল হাছানৰ উপস্থিতিত এক সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক অৰুণাচলমে কয় যে নিৰ্বাচনত মাক্কাল নিধি মাইয়ামৰ বাবে এখন ৰাজ্যসভা আসন আৱণ্টন কৰা হ’ব । দলৰ কৰ্মীসকলে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত ডিএমকে আৰু মিত্ৰজোঁটৰ দলসমূহক সমৰ্থন কৰিব ।

তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী আৰু ডিএমকেৰ যুৱ শাখাৰ সম্পাদক উদয়ানিধি ষ্টেলিনো সংবাদমেলখনত উপস্থিত থাকে ৷ উল্লেখ্য যে শনিবাৰে ডিএমকেৰ সভাপতি আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ সৈতে হোৱা বৈঠকৰ পিচতে মাক্কাল নিধি মাইয়াম দল মিত্ৰজোঁটত চামিল হোৱাৰ কথা ঘোষণা কৰা হয় ৷

কমল হাছানে সংবাদ মাদ্যমৰ সন্মুখত কয় যে কোনো পদৰ আশাত নহয়, দেশৰ উন্নয়নৰ স্বাৰ্থত য’তেই তেওঁ থাকিবলগীয়া হয়, যাক সমৰ্থন কৰিবলগীয়া হয় তাকেই সমৰ্থন কৰি আহিছে । বিশেষ সূত্ৰে জানিব পৰা মতে এমএনএম আৰু ডিএমকেৰ মাজত হোৱা চুক্তি অনুসৰি, এন এন এমে তামিলনাডুৰ ৩৯ খন লোকসভা আসন আৰু পুডুচেৰীৰ এখন আসনৰ প্ৰচাৰৰ বাবে ডিএমকে নেতৃত্বাধীন মিত্ৰজোঁটক সমৰ্থন কৰিব ।

লগতে পঢ়ক:কেৰালা কংগ্ৰেছত মোক্ষম আঘাত: প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণাকৰণৰ কন্যাৰ বিজেপিত যোগদান

ABOUT THE AUTHOR

...view details