গুৱাহাটী, ১৯ এপ্ৰিল : দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে একপ্ৰকাৰ শান্তিপূৰ্ণভাৱে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অসমৰ পাঁচটা সমষ্টিত ভোটদান সম্পন্ন হয় । কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ ১০,০০১ টা ভোটকেন্দ্ৰত ভোটদান হয় ।
ভোটদানৰ পৰিমাণ:
বাতৰি লিখাৰ পৰলৈকে লাভ কৰা তথ্য মতে অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭১.৬৪ শতাংশ ভোটদান হয় । যোৰহাট সমষ্টিত সৰ্বাধিক ভোটদান হোৱাৰ বিপৰীতে লখিমপুৰ সমষ্টিত সৰ্বনিম্ন ভোটদান হয় ৷ ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে সদৰী কৰা তথ্য মতে কাজিৰঙাত ৬৯.৭১ শতাংশ, শোণিতপুৰত ৭১.৩৪ শতাংশ, লখিমপুৰত ৬৮.৭১ শতাংশ, ডিব্ৰুগড়ত ৭১.০৫ শতাংশ আৰু যোৰহাটত ৭৭.৪৫ শতাংশ ভোটদান হৈছে । এই সংখ্যা বৃদ্ধি হ'ব বুলি নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে সদৰী কৰিছে ।
উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল ৮৬,৪৭,৮৬৯ গৰাকী । ইয়াৰে ৪২,৮২,৮৮৭ গৰাকী পুৰুষ ভোটাৰ; ৪৩,৬৪,৮৫৯ গৰাকী মহিলা ভোটাৰ আৰু ১২৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । তথ্য মতে কাজিৰঙাত মুঠ ২০৫০১৬ গৰাকী ভোটাৰ, শোণিতপুৰত ১৬৩৩৮০০ গৰাকী, লখিমপুৰত ১৫৭৭২৩৪ গৰাকী, ডিব্ৰুগড়ত ১৬৫৯৫৮৮ গৰাকী আৰু যোৰহাটত ১৭২৭১২১ গৰাকী ভোটাৰ আছে ।
প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী:
৫ টা লোকসভা সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । ইয়াৰে কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী, শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী, লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী, যোৰহাট লোকসভা সমষ্টিত ৪ গৰাকী প্ৰার্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ ৩৫ জন প্ৰার্থীৰ ভিতৰত থকা হেভীৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে- ডিব্ৰুগড়ত বিজেপিৰ সৰ্বানন্দ সোণোৱাল, অজাপৰ লুৰীণজ্যোতি গগৈ, আপৰ মনোজ ধানোৱাৰ; যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈ; লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱা, কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা ; কাজিৰঙাত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ ৰ'জলীনা তিৰ্কী; শোণিতপুৰত বিজেপিৰ ৰঞ্জিৎ দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু আৰু আপৰ ঋষিৰাজ কৌণ্ডিন্য আদি ।
বিক্ষিপ্ত ঘটনা:
ভোটগ্ৰহণৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ অধীনৰ শালপাৰাত এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয় ৷ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনৰ ৰূপহীহাটৰ শালপাৰাৰ এটা ভোটকেন্দ্ৰত দুই দলৰ এজেণ্টৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ ভোটগ্ৰহণ চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু বিজেপি দলৰ এজেণ্টৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । অৱশ্যে পিচত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
ইপিনে পুৱা শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দিবাং ঘাটৰ দেওপানী সুঁতিত নিৰ্বাচনী দ্ৰুত সেৱাৰ দলৰ (Quick response team) বাহন নদীৰ সোঁতত ডুব যায় ৷ পিচত SDRF ৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ডুব যোৱা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাত কোনো লোক হতাহত হোৱা নাই ।
আনহাতে দিনৰ ভাগত ৰাজ্যৰ বিভিন্ন ঠাইত EVM ৰ বিসংগতি ধৰা পৰে ৷ মৰিয়নী নগৰ ৰে’লৱে বেংগলী এল পি 185 নং ভোটগ্ৰহণ কেন্দ্ৰ, মৰিয়নী হাইস্কুলৰ ১৭৮ নং ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে ডিব্ৰুগড়ৰ খোৱাং, মাজুলী, নগাঁৱৰ মিছা, বঢ়মপুৰ, নাহৰকটীয়া, বোকাখাত, কাজিৰঙা, বিহপুৰীয়াত EVM বিসংগতি হয় ৷ যাৰ বাবে ভোটগ্ৰহণত পলম হোৱা বুলি জানিব পৰা গৈছে ৷