গুৱাহাটী, 30 মার্চ : অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন ৷ ইয়াৰে প্ৰথম পৰ্যায়ত পাঁচটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে ৷ 38 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও পৰীক্ষণৰ অন্তত দুজনৰ মনোনয়ন বাতিল হোৱাত এতিয়া প্ৰথম পৰ্যায়ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 36 গৰাকী ৷
লক্ষণীয় বিষয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমত চাহ জনগোষ্ঠীৰ ভোটাৰৰ বিশেষ প্ৰভাৱ আছে আৰু চাহ বাগিচাৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৷ 19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা লোকসভা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিতেই চাহ জনগোষ্ঠীৰ ভোটাৰৰ বিশেষ নিৰ্ণায়ক ভূমিকা আছে ৷ প্ৰাৰ্থীসকলৰ ভৱিষ্যৎ চাহ জনগোষ্ঠীৰ ভোটাৰৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিছে ৷ যাৰ বাবে চাহ জনগোষ্ঠীৰ ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৷
লক্ষণীয় বিষয় যে প্ৰথম পৰ্যায়ৰ পাঁচটা লোকসভাৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় 48 টা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় 28 টা বিধানসভা সমষ্টিতে চাহ জনগোষ্ঠীয় ভোটাৰৰ বিশেষ প্ৰাধান্য আছে ৷ এককথাত ক'বলৈ গ'লে নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীয় ভোটাৰে ৷ ইতিমধ্যে জনগোষ্ঠীটোক টাৰ্গেট কৰি নিৰ্বাচনত বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে শাসক-বিৰোধী উভয়েই বাগান বাগানে ব্যাপক প্ৰচাৰ চলাইছে ৷ চাহ জনগোষ্ঠীটোৰ মন জয়ৰ বাবে আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ৷ উল্লেখ্য যে শাসকীয় দল বিজেপিয়ে জনগোষ্ঠীটোৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ যোৱাৰ কাম আৰম্ভ কৰাৰ বিপৰীতে কংগ্ৰেছে বাগানে বাগানে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷
লক্ষণীয় বিষয় যে নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত এইবাৰ সমষ্টিসমূহৰ ৰূপৰেখা যথেষ্ট সলনি হৈছে ৷ সেই অনুসৰি দহটা বিধানসভা সমষ্টিৰে গঠিত কাজিৰঙা সমষ্টিৰ কলিয়াবৰ, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰে নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৷ ইয়াৰে সৰুপথাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা প্ৰায় 30 শতাংশ হোৱাৰ বিপৰীতে বোকাখাতত প্ৰায় 27 শতাংশ, কলিয়াবৰত 27 শতাংশ আৰু খুমটাইত প্ৰায় 22 শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে ৷ আনহাতে 9 টা বিধানসভা সমষ্টিৰে গঠিত শোণিতপুৰ লোকসভা সমষ্টিত আছে চাহ জনগোষ্ঠীৰ আধিপত্য থকা 6 টাকৈ বিধানসভা সমষ্টি ৷ লোকসভাৰ সমষ্টিটোৰ অন্তৰ্গত বিহালী আৰু ৰঙাপৰা বিধানসভা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যাই হৈছে প্ৰায় 53 শতাংশ ৷