গুৱাহাটী : অসমৰ প্ৰেক্ষাপটত দিল্লীৰ হাইকামাণ্ডৰ ওচৰত গুৰুত্ব বাঢ়িছে গৌৰৱ গগৈৰ ! অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈক অসমৰ ৰাজনীতিত অধিক প্ৰাসংগিক কৰি তুলিছে ৷
অসমৰ ৰাজনৈতিক মহলত চৰ্চা হৈছে- ২০২৬ত অসমত হ’বলগীয়া বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক মুখ হিচাবে লৈয়েই নিৰ্বাচন খেলিব কংগ্ৰেছে । কাৰণ উপ-নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনেই দিলে ইয়াৰ স্পষ্ট ইংগিত ৷
কিয় অধিক প্ৰাসংগিক হৈছে গৌৰৱ গগৈ ?
লোকসভা নিৰ্বাচনৰ পিচতেই অসমত আগন্তুক দুবছৰ মনোনিৱেশ কৰিব বিচাৰো বুলি ঘোষণা কৰিছিল গৌৰৱ গগৈয়ে । সেই অনুসৰিয়েই গৌৰৱ গগৈক এইবাৰ উপ-নিৰ্বাচনত সক্ৰিয় ৰূপত দেখা গ’ল ৷ বিহালীৰ দায়িত্ব দলীয়ভাৱে দিয়া হ’ল গৌৰৱ গগৈক।
উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত বিহালী বিধানসভা সমষ্টিত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিজেপি বিৰোধী উমৈহতীয়া মঞ্চ-অসম সন্মিলিত মৰ্চাৰ পৰা প্ৰাৰ্থী দিয়াৰ কথা আছিল ৷ কিন্তু শেষত গৌৰৱ গগৈৰ ইচ্ছানুসৰিয়েই কংগ্ৰেছ হাইকামাণ্ডে নিজা প্ৰাৰ্থীৰূপে টিকট নাপাই দলত্যাগ কৰা প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাক সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়ে ৷
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছিল বিৰোধীৰ ঐক্যমঞ্চৰ পৰা এজন প্ৰাৰ্থী দিয়াৰ পক্ষে ৷ দেখা গ’ল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই নিজৰ মিত্ৰজোঁটৰ সকলোকে অসন্তুষ্ট কৰি হ’লেও ৰক্ষা কৰিলে গৌৰৱ গগৈৰ কথা । সেয়ে এতিয়া চৰ্চা আৰু সমালোচনাৰ মধ্যবিন্দু হৈ পৰিছে গৌৰৱ গগৈ ।
কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী:
শুকুৰবাৰে বিহালীত বিহালী উপ-নিৰ্বাচনত অসম সন্মিলিত মঞ্চই নিজাববীয়া প্ৰাৰ্থী ৰূপে চিপিআই (এম এল)ৰ লক্ষীকান্ত কুৰ্মীৰ মনোনয়ন পত্ৰ দাখিল কৰে । কংগ্ৰেছৰ মিত্ৰজোঁট 'অসম’ৰ প্ৰাৰ্থী নিৰ্ধাৰিত হোৱাৰ পাছতো কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ৷ আনহাতে, অসম সন্মিলিত মৰ্চাৰ আন নেতাসকল গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ পৰে ।
গৌৰৱ গগৈৰ বাবেই বিৰোধীৰ মিত্ৰতাত ফাট মেলাৰ অভিযোগ উঠিছে ৷ “বিৰোধীৰ একতাত ভাঙোন অহাৰ কাৰণ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ ক্ষমতাৰ যুঁজহে”- বুলি বিৰোধী দল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মুকলি মন্তব্য কৰে । অসমত বিৰোধীৰ ঐক্যমঞ্চ ভাঙি যোৱাৰ উপক্ৰম হোৱাৰ সময়তে ঐক্যমঞ্চ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে অসম সন্মিলিত মঞ্চৰ নেতৃত্বই ৷