গুৱাহাটী : উপ-নিৰ্বাচনমুখৰ বিহালী সমষ্টিৰ গোৰ্খা আৰু চাহ বাগিচাৰ ভোটাৰক লৈ তুংগত উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লোকসভাৰ উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ যুক্তি-তৰ্ক । কিয়নো বিহালী বিধানসভা সমষ্টিত গোৰ্খা আৰু চাহ জনগোষ্ঠীয় ভোটাৰে যিকোনো নিৰ্বাচনত গ্ৰহণ কৰে বিশেষ নিৰ্ণায়ক ভূমিকা ৷
একাধিক ৰাজনৈতিক দলৰ সমীক্ষাৰ তথ্য অনুসৰি, বিহালী বিধানসভা সমষ্টিত মুঠ ৫০ হাজাৰ চাহ জনগোষ্ঠীয় ভোটাৰ আছে । নেপালী লোকৰ ভোটাৰৰ সংখ্যা প্ৰায় ৩০ হাজাৰ ৷
বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ মূল দায়িত্বত থকা সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি উত্থাপন কৰিছে এলানি প্ৰশ্ন ৷ এক কথাত, বৃহস্পতিবাৰে বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে ।
গৌৰৱ গগৈৰ ফেচবুক পোষ্ট (Facebook@GauravGogoi) মুখ্যমন্ত্ৰীৰ প্ৰতি গৌৰৱ গগৈৰ ৫ টা প্ৰশ্ন
শুকুৰবাৰে সামাজিক মাধ্যমযোগে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি ৫ টাকৈ প্ৰশ্ন উত্থাপন কৰি লিখিছে, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই নিম্নোক্ত প্ৰশ্নকেইটাৰ উত্তৰ জানিব বিচাৰিছো । যথাক্ৰমে...
১/ বিজেপি দলে শোণিতপুৰ লোকসভা সমষ্টিত ২০২৪ চনৰ নিৰ্বাচনত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ আৰু গোৰ্খা সম্প্ৰদায়ৰ প্ৰাৰ্থী কিয় দিয়া নাছিল ?
২/ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ তিনিজন প্ৰাৰ্থী (কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী আৰু পল্লৱ লোচন দাস)ৰ পৰা দুজনলৈ কিয় হ্ৰাস কৰিলে ?
৩/ হিট এণ্ড ৰাণ দুৰ্ঘটনাত মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ খুন্দাত এজন আদিবাসী লোক নিহত হোৱাৰ সময়ত কিয় কোনো গোচৰ পঞ্জীয়ন হোৱা নাছিল ?
৪/ বিজেপিৰ ৰাজ্যিক মন্ত্ৰীসভাত চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব ইমান কম কিয় ?
৫/ অসমৰ আদিবাসী আৰু জনজাতীয় অঞ্চলৰ কিমানখন ব্যক্তিগত চাহ বাগিচা আৰু ৰিজ'ৰ্ট বিজেপি নেতাৰ মালিকানাধীন ?”
বিহালীত গৌৰৱ গগৈ প্ৰসংগত কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?
বৃহস্পতিবাৰে বিহালী সমষ্টিত দুখনকৈ নিৰ্বাচনী সভাৰ উপৰি ৰোড শ্ব’তো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সমান্তৰালভাৱে বিহালী উপ-নিৰ্বাচনী ৰণত কংগ্ৰেছৰ সেনাপতিৰ ভূমিকা পালন কৰা গৌৰৱ গগৈক সমালোচনাৰে থকা-সৰকা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰীয়ে কয়, “চাহ বাগিচাৰ এজন প্ৰাৰ্থীক নিৰ্বাচনত পৰাস্ত কৰিবলৈ বিহালীত বাহৰ পাতি বহি লৈছে গৌৰৱ গগৈয়ে । চাহ বাগিচাৰ চৰ্দাৰৰ পুত্ৰ হোৱাৰ বাবেই বিহালীৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল বিধায়ক হ’ব নালাগে, মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱাৰ বাবেই গৌৰৱ গগৈ সাংসদ হ’ব পাৰে ? যোৰহাটৰ পৰা আহি ১৫-২০ দিন বিহালীতেই খোপনি পুতি বহি আছে গৌৰৱ গগৈয়ে ৷ মুখ্যমন্ত্ৰী হোৱাৰো সপোন আছে ৷ ধলাই-চিদলীতো গৈ প্ৰচাৰ চলাওকগৈ গৌৰৱ গগৈয়ে ।"
লগতে মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈক পোনপটীয়া সমালোচনা, “এজন সাংসদে সকলো বাদ দি ইয়াত বহি থকাৰ কাৰণ কি ? এটাই কাৰণ, তেওঁ চাহ বাগিচাৰ সন্তান বিধায়ক হোৱাটো নিবিচাৰে । ইমানেই ৷ বিহালীত সোণ আছে নে ৰূপ আছে ?”
গৌৱৰ গগৈয়ে শুকুৰবাৰে পুৱাতে মুখ্যমন্ত্ৰীক তেওঁ কৰা সমালোচনাৰ প্ৰত্যুত্তৰ হিচাপেই সামাজিক মাধ্যমত এৰিলে ওপৰৰ ৫ টা প্ৰশ্ন ৷ এতিয়া মুখ্যমন্ত্ৰীয়ে কি উত্তৰ দিব গৌৰৱ গগৈক ? গৌৰৱৰ প্ৰশ্নলানিয়ে স্পৰ্শ কৰিব পাৰিবনে মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন উন্মুখ বিহালীৰ ভোটাৰক ? সেয়া হ’ব আকৰ্ষণীয় ।