অসম

assam

ETV Bharat / politics

গৌৰৱ গগৈৰ নামত এটাও কোম্পানী নাই, যদিও পিতৃ 15 বছৰৰ মুখ্যমন্ত্ৰী আছিল: অজিত কুমাৰ ভূঞা - Ajit Kumar Bhuyan on Gaurav Gogoi

Ajit Kumar Bhuyan: পিতৃ 15 বছৰে মুখ্যমন্ত্ৰী আছিল যদিও গৌৰৱ গগৈৰ নামত এটাও কোম্পানী নাই ৷ গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাই এই মন্তব্য অজিত কুমাৰ ভূঞাৰ ৷ প্ৰধানমন্ত্ৰীগৰাকী নিজে পূজাৰীৰ ভূমিকাত অৱৰ্তীৰ্ণ হোৱা বুলি আন এক মন্তব্য সাংসদগৰাকীৰ ৷

AJIT KUMAR BHUYAN ON GAURAV GOGOI
শিৱসাগৰত নাগৰিক সমাজৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 5:09 PM IST

শিৱসাগৰত নাগৰিক সমাজৰ সংবাদমেল

শিৱসাগৰ, 24 মাৰ্চ:দেওবাৰে শিৱসাগৰত নাগৰিক সমাজে সম্বোধন কৰে এক সংবাদমেল ৷ শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলখনত উপস্থিত থাকে নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা, ভাৰত জোড়ো অভিযানৰ অসমৰ সমন্বয়ক তথা নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, নাগৰিক সমাজৰ সদস্য শান্তনু বৰঠাকুৰৰ উপৰিও নাগৰিক সমাজৰ শিৱসাগৰ জিলাৰ সমন্বয়ক জিন্টু মেচ ৷

বিজেপিক সমালোচনা কৰি অজিত কুমাৰ ভূঞাই কয় যে বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে ৷ কেইবাটাও ঘটনাই এই কথা প্ৰতীয়মান কৰিছে ৷ বিজেপিৰ নেতৃত্বত বিভাজনৰ ৰাজনীতি চলিছে আৰু ই চূড়ান্ত পৰ্যায় পাইছে ৷

বিজেপিৰ বিৰুদ্ধে এনে 16 টা অভিযোগ তুলি ৰাইজৰ জ্ঞাতাৰ্থে নাগৰিক সমাজে প্ৰকাশ কৰিছে গোহাৰিপত্ৰ ৷ সাংসদ অজিত কুমাৰ ভূঞাই কয়, ‘‘নিৰ্বাচিত চৰকাৰে গণতন্ত্ৰৰ চৰিত্ৰ সলনি কৰিব খুজিছে ৷ সংবাদ মাধ্যম, ন্যায় ব্যৱস্থা আদিক টেঁটুচেপা দিছে বিজেপি চৰকাৰে ৷ বিজেপি চৰকাৰৰ এজেণ্ডা মতে কাম কৰিব নিবিচৰা লোকক জে’লত ভৰাইছে ৷ দুগৰাকীকৈ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাইছে কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ ৷ এইটো নাভূত-নাশ্ৰুত ঘটনা হৈছে৷ অন্যায় কৰা হৈছে ৷’’

বিপৰীতে বিজেপিৰ ৱাছিং মেচিনত সোমাই যোৱা লোকসকল এতিয়া শুদ্ধ হৈ গ'ল বুলি বিজেপিক কটাক্ষ কৰে সাংসদ অজিত ভূঞাই ৷ ED আৰু CBI ক নিজ স্বাৰ্থত ব্যৱহাৰ কৰি সংশয় আৰু সন্ত্ৰাস সৃষ্টিৰে বিপক্ষক বিজেপি চৰকাৰে ভীতিগ্ৰস্ত কৰিছে বুলি অজিত ভূঞাই মন্তব্য কৰে ৷ তদুপৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে পূজাৰীৰ ভূমিকাত অৱৰ্তীৰ্ণ হৈছে ৷ ধৰ্মক এইখন চৰকাৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলিও সাংসদ ভূঞাই মন্তব্য কৰে ৷

নিৰ্বাচনৰ আগতে কা বলবৎ কৰি বিজেপিয়ে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই৷ তেওঁ কয় যে কা বলবৎকৰণৰ ফলত অসমীয়া লোকৰ সংখ্যা কমি গৈ সংখ্যালঘূত পৰিণত হ'ব ৷ আগন্তুক লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় অসম নাগৰিক সমাজে৷

চৰকাৰলৈ জনোৱা ৩২ টা প্ৰত্যাহ্বানৰ এটাও বিজেপি চৰকাৰে উত্তৰ দিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে অজিত কুমাৰ ভূঞাই ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো বিজেপিয়ে কৰা মিথ্যাচাৰৰ উত্তৰ নিৰ্বাচনত দিব লাগে বুলিও আহ্বান জনায় সাংসদ ভূঞাই ৷ নিৰ্বাচন আয়োগৰ সন্দৰ্ভত তেওঁ কয় যে নিৰ্বাচন আয়োগক দাত-নখ নোহোৱা বাঘলৈ পৰিণত কৰিলে বিজেপি চৰকাৰে ৷

লগতে পঢ়ক:ৰাজহুৱা মঞ্চত ক্ষমা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই

ABOUT THE AUTHOR

...view details