অসম

assam

ETV Bharat / politics

এফালে মাতৃক হেৰুওৱাৰ বেদনা, আনফালে দেশ মাতৃৰ প্ৰতি দায়ৱদ্ধতা - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: ভোটদানৰ প্ৰতি জনসাধাৰণৰ সজাগতা বৃদ্ধিত দেশৰ নিৰ্বাচন আয়োগে ব্যাপক অভিযান চলাই আহিছে । আয়োগৰ এনে প্ৰচেষ্টাৰ ফলাফল আজি দেখা গ'ল বৰপেটাত । বৰপেটাৰ জীৱনলতা ছোৱালী শিক্ষানুষ্ঠানত আজি ভোটাধিকাৰ সাব্যস্ত কৰে বৰপেটা চহৰৰ দক্ষিণ হাটী নিবাসী চাৰি পুত্ৰই ।

By ETV Bharat Assamese Team

Published : May 7, 2024, 8:28 PM IST

Four sons cast their vote on the fifth days of mother's death in Barpeta
এফালে মাতৃক হেৰুওৱাৰ বেদনা, আনফালে ভোটাধিকাৰ (ETV Bharat Assam)

এফালে মাতৃক হেৰুওৱাৰ বেদনা, আনফালে ভোটাধিকাৰ (ETV Bharat Assam)

বৰপেটা,৭ মে':দেশৰ কেইবাটাও প্ৰান্তৰ সমান্তৰালভাৱে ৰাজ্যৰ ৪ টাকৈ সমষ্টিৰ বাবে আজি অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য়ায়ৰ ভোটগ্ৰহণ । ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদ'ল ভাঙি ওলাই আহিল সৰ্বসাধাৰণ জনতা । নতুন ভোটাৰৰ পৰা অশীতিপৰ বৃদ্ধলৈ, বিশেষভাৱে সক্ষম লোকৰ পৰা সুস্থ-সবল প্ৰতিগৰাকী নাগৰিকে সাব্যস্ত কৰে ভোটাধিকাৰ । ইয়াৰ মাজতে বিশেষভাৱে চৰ্চালৈ আহিছে এখন ছবি । যিখন ছবিয়ে গণতন্ত্ৰৰ বৃহৎ উৎসৱক প্ৰদান কৰিলে অনন্য মাত্ৰা ।

বৰপেটাৰ জীৱনলতা ছোৱালী শিক্ষানুষ্ঠানত আজি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল বৰপেটা চহৰৰ দক্ষিণ হাটী নিবাসী চাৰি পুত্ৰই । কিন্তু তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা দৃশ্যই আচৰিত কৰি তোলে সকলকে । কিয়নো মাত্ৰ পাঁচদিন পূৰ্বে ব্যৰ্ধক্যজনিত কাৰণত বিয়োগ ঘটিছিল তেওঁলোকৰ মাতৃৰ ৷ গোটেই ঘৰখনতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে যদিও শোকৰ মাজতো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি তেওঁলোকে ৰাইজকো ভোটদানৰ প্ৰতি দায়ৱদ্ধতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ।

তেওঁলোকে কয় যে ভাৰতৰ দৰে বৃহৎ গণতান্ত্ৰিক দেশত ব্যাপক হাৰত ভোটদান কৰি গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰাৰ দায়িত্ব সকলোৱে ল'ব লাগে । সেই দায়বদ্ধতাৰে তেওঁলোক আজি শোকৰ মাজতো এনেদৰে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰে ৷ উল্লেখযোগ্য যে ভোটদানৰ প্ৰতি ৰাইজৰ মাজত সজাগতা বৃদ্ধিত দেশৰ নিৰ্বাচন আয়োগে প্ৰধান গুৰুত্ব আৰোপ কৰি আহিছে ।

আয়োগৰ নিৰ্দেশনা অনুসৰি বৰপেটা নিৰ্বাচনী জিলাত বিগত সময়চোৱাত ভোটাৰৰ সজাগতা বৃদ্ধিৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ভোটদান মানুহে কিয় কৰিব লাগে তাৰ বাবে শক্তিশালী বাৰ্তা সৃষ্টিৰ অৰ্থে বৰপেটা জিলা নিৰ্বাচন বিভাগে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সজাগতা সভা, বাটৰ নাট আদি কাৰ্যসূচীও ৰূপায়ণ কৰা পৰলক্ষিত হৈছিল ।

ABOUT THE AUTHOR

...view details