অসম

assam

ETV Bharat / politics

কি হ’ব পৰৱৰ্তী ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী, মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি দলটোৰ কেবাজনো নেতাৰ বিৰুদ্ধে কেবাটাও ধাৰাৰ অধীনত অসম আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু ৷ হিংসা, প্ৰৰোচনা, ৰাজহুৱা সম্পত্তি ধ্বংস আৰু আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণৰ অভিযোগেৰে গোচৰ তৰিছে অসম আৰক্ষীয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আইন অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি X যোগে জনায় ৷ মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ 120(B) 143/147/188/283/353/332/333/427 আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰা আইনৰ অধীনত 3 নং ধাৰাত 55/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 9:41 AM IST

Updated : Jan 24, 2024, 10:14 AM IST

ভাৰত জোড়ো ন্যায় যাত্ৰা
ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটী, 24 জানুৱাৰী:আইন অমান্য কৰাৰ অভিযোগত আৰক্ষীৰ ৰোষত পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি কেবাজনো দলটোৰ কেবাজনো নেতা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কে চি ভেনুগোপাল, কানহাইয়া কুমাৰ আৰু কিছু সংখ্যক নেতাৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে ৷ হিংসা, প্ৰৰোচনা, ৰাজহুৱা সম্পত্তি ধ্বংস আৰু আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণৰ অভিযোগেৰে গোচৰ তৰিছে অসম আৰক্ষীয়ে ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশৰ পিচৰে পৰা নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছিল ৷ এই যাত্ৰাই মঙলবাৰে গুৱাহাটী প্ৰৱেশ কৰে আৰু চহৰখনত প্ৰৱেশত বাধা আৰোপ কৰি বেৰিকেড স্থাপন কৰিছিল অসম আৰক্ষীয়ে ৷ এই পৰিপ্ৰেক্ষিতত মঙলবাৰে গুৱাহাটীৰ খানাপাৰাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । ন্যায় জোড়ো যাত্ৰা গুৱাহাটীত প্ৰৱেশ কৰাৰ সময়তে খানাপাৰাত বেৰিকেড ওফৰাই প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতা কৰ্মীয়ে ৷

তাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰা হ’ব ৷ লোকসভা নিৰ্বাচনৰ পিচতেই তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷ খানাপাৰাৰ উত্তপ্ত পৰিস্থিতিৰ পিছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে তেওঁ ইতিমধ্যেই আৰক্ষী সঞ্চালক প্ৰধানক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে ৷ কংগ্ৰেছে বেৰিকেড ভঙা কাৰ্যক নক্সাল কাৰ্যকলাপৰ লগত তুলনা কৰি আৰক্ষীক আক্ৰমণ কৰিবলৈ ৰাহুল গান্ধীয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীজনে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আইন অনুসৰি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি Xযোগে জনায়৷ সেই অনুসৰিয়েই বুধবাৰে নামনি অসমত ন্যায় যাত্ৰাৰ কাৰ্যসূচী চলাই থকা ৰাহুল গান্ধী, কে চি ভেনুগোপাল, কানহাইয়া কুমাৰ আৰু কিছু সংখ্যক নেতাৰ বিৰুদ্ধে গোচৰ তৰে অসম আৰক্ষীয়ে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মংগলবাৰৰ মাজনিশা X যোগে স্পষ্ট কৰে এই কথা ৷ এক নিজাববীয়া বিবৃতিও আগবঢ়ায় অসম আৰক্ষীয়ে ৷

বিবৃতিটোত মহানগৰ আৰক্ষীয়ে জনায় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃবৃন্দৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে । ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ 120(B) 143/147/188/283/353/332/333/427 আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰা আইনৰ অধীনত 3 নং ধাৰাত 55/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে । গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্তালয়ে দিয়া বিবৃতি অনুসৰি ৰাহুল গান্ধীৰ নেতৃত্বত মঙলবাৰে মহানগৰীত প্ৰৱেশ কৰা "ভাৰত জোড়ো ন্যায় যাত্ৰা" মেঘালয়ৰ পৰা গুৱাহাটী চহৰৰ মাজেৰে কামৰূপ(গ্ৰাম্য) অভিমুখে পৰিকল্পনা কৰিছিল । জনসাধাৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ খানাপাৰা বাইপাছ-কইনাধৰা-বশিষ্ঠ চাৰিআলি-বেহাৰবাৰী-লখৰা চাৰিআলি-গড়চুক চাৰিআলি-বৰাগাওঁ চাৰিআলি-জালুকবাৰীৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে শৰাইঘাট দলংলৈকে যাত্ৰা কঢ়িয়াই নিয়াৰ অনুমতি দিয়া হৈছিল । যাত্ৰা কোনো কাৰণতে চহৰৰ জনবহুল অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে আৰু যাত্ৰা কেৱল অনুমোদিত পথৰেহে যাব দিয়া হৈছিল ।

গুৱাহাটী পুলিচৰ অভিযোগ অনুসৰি, যাত্ৰাটোৱে যেতিয়া 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰা ট্ৰেফিক পইণ্টৰ ওচৰত উপস্থিত হয় আৰু ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, কে.চি. ভেনুগোপাল, জয়ৰাম ৰমেশ, শ্ৰীনিবাস বি ভি, কানহাইয়া কুমাৰ, গৌৰৱ গগৈ, দেবব্ৰত শইকীয়া, ভূপেন বৰা, জাকিৰ হুছেইন ছিকদাৰ, ৰমেন কুমাৰ শৰ্মা আদিয়ে অপৰাধমূলক ষড়যন্ত্ৰৰে ৰাইজক উচটনি দি অনুমোদিত পথৰ পৰা ফালৰি কাটি গুৱাহাটী চহৰৰ ফালে লৈ যায় , আৰু গুৱাহাটী মহানগৰ আয়ুক্তই দিয়া অনুমতি উলংঘা কৰে ৷ ফলত জনসমাগম হিংসাত্মক, অশান্তিপূৰ্ণ হৈ পৰে ৷ যাত্ৰা জি এছ ৰোড (গুৱাহাটী চহৰ)ৰ ফালে আগবাঢ়ি যায় যওৱাৰ ফলত ৰাজহুৱা পথ অৰ্থাৎ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাধাৰ সৃষ্টি হয় ।

স্থানডোখৰত উপস্থিত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে নিৰ্দিষ্ট পথ মানি চলিবলৈ পৰামৰ্শ দিয়াৰ পিছতো দলীয় জ্যেষ্ঠ নেতাৰ উচটনি, নেতৃত্ব আৰু অংশগ্ৰহণ কৰাসকলে আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ভাঙি বলপূৰ্বকভাৱে জিএছ ৰোডৰ দিশে যোৱাৰ লগতে কৰ্তব্যৰত আৰক্ষী জোৱানক আক্ৰমণ কৰে বুলি আৰক্ষীৰ অভিযোগ । বেৰিকেড ভঙাৰ পিছতে জনসমাগম হিংসাত্মক হৈ পৰে আৰু বশিষ্ঠ থানাৰ SI তীৰ্থ ডেকাকে ধৰি চাৰিজন আৰক্ষী জোৱান আহত হোৱাৰ লগতে বাবুল হাজং গুৰুতৰভাৱে আহত হয় । সেয়ে এই ঘটনাৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে মহানগৰ আৰক্ষীয়ে ।

25 জানুৱাৰীলৈ অসমত চলিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা । গতিকে ৰাহুল গান্ধী অসমত থকা দিনকেইটাত ৰাহুল গান্ধীৰ লগতে আন দলীয় নেতাসকলৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনৰ ভূমিকা কেনে হ’ব সেয়া হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক:চামগুৰিত বিজেপি সমৰ্থকৰ বিৰুদ্ধে ৰাহুল গান্ধীক অপদস্থ কৰাৰ অভিযোগ

Last Updated : Jan 24, 2024, 10:14 AM IST

ABOUT THE AUTHOR

...view details