অসম

assam

ETV Bharat / politics

ৰাজ্যৰ ৫০ টা ষ্ট্ৰং ৰূমত ৰখা হৈছে ভি ভি পেটসহ ই ভি এম - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Anurag Goel : ৰাজ্যখনৰ প্ৰায় ৫০ টা ষ্ট্ৰং ৰূমত ৰখা হৈছে ই ভি এম-সমূহ ৷ তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণত ব্যৱহৃত প্ৰায় ৩০,৩১০ টা ই ভি এম (বেলট ইউনিট) আৰু ২৮,৬৫০ টা কণ্ট্ৰ'ল ইউনিট আৰু সমসংখ্যক ভি ভি পেট ষ্ট্ৰং ৰূমবোৰত নিৰৱচ্ছিন্ন নিৰীক্ষণ আৰু কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে ৷

LOK SABHA ELECTION 2024
ষ্ট্ৰং ৰূমত কঠোৰ নিৰাপত্তা (Source : Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 14, 2024, 2:23 PM IST

Updated : May 14, 2024, 2:37 PM IST

গুৱাহাটী, ১৪ মে' : ভোটগণনালৈ মাজত আছে একুৰি দিনৰো অধিক সময় ৷ যাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে ই ভি এম-সমূহ ৷ ৰাজ্যখনৰ প্ৰায় ৫০ টা ষ্ট্ৰং ৰূমত এই ই ভি এম-সমূহ ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

অসমৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই কথা সদৰী কৰি কয় যে তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণত ব্যৱহৃত প্ৰায় ৩০,৩১০ টা ই ভি এম (বেলট ইউনিট) আৰু ২৮,৬৫০ টা কণ্ট্ৰ'ল ইউনিট আৰু সমসংখ্যক ভি ভি পেট এই ষ্ট্ৰং ৰূমবোৰত নিৰৱচ্ছিন্ন নিৰীক্ষণ আৰু কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে ৷

গোৱেলৰ মতে, ষ্ট্ৰং ৰূমবোৰৰ ভিতৰে-বাহিৰে চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে ৷ যাৰ ফুটেজ জিলা নিৰ্বাচন বিষয়াৰ পোনপটীয়া নিৰীক্ষণত থাকে ৷ ষ্ট্ৰং ৰূমৰ সমগ্ৰ চৌহদ, প্ৰৱেশ আৰু প্ৰস্থানগেটতো স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা ৷

মুঠৰ ওপৰত সুৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰুটি এৰা নাই ৰাজ্যিক নিৰ্বাচন আয়োগে ৷ এই স্থানসমূহত দুই তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰাৰ কথাও জানিবলৈ দিয়ে গোৱেলে ৷ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী(চি আৰ পি এফ) ক ষ্ট্ৰং ৰূমৰ দুৱাৰমুখ আৰু চৌহদৰ নিৰাপত্তাৰ দায়িত্বত নিয়োগ কৰা হৈছে ৷ বহিৰ্ভাগৰ নিৰাপত্তাৰ দায়িত্বত ন্যস্ত কৰা হৈছে অসম আৰক্ষীৰ সশস্ত্ৰ জোৱানসকলক ৷

ইপিনে, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ মনোনীত এজেণ্টসকলেও চকু ৰাখিছে এই নিৰীক্ষণৰ বিষয়ত ৷ নিৰ্বাচন আয়োগে এদিনত তিনিজন পর্যন্ত এজেণ্টক ষ্ট্ৰং ৰূম চৌহদত থকাৰ অনুমতি দিয়ে ৷ তেওঁলোকে পাল পাতি তাত থাকিব পাৰে ৷ জিলা নিৰ্বাচন বিষয়া, সহকাৰী নিৰ্বাচন বিষয়াৰ উপৰিও সুৰক্ষাকৰ্মী আৰু ৰাজনৈতিক দলৰ ঘোষিত এজেন্টসকলেহে ষ্ট্ৰং ৰূম চৌহদত প্ৰৱেশ কৰিব পাৰে বুলি গোৱেলে সদৰি কৰিছে ৷

উল্লেখ্য যে, অসমৰ ১৪ টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভাগ্য এই ষ্ট্ৰং ৰূমত থকা ই ভি এমত‌ সম্প্ৰতি বন্দী‌ হৈ আছে ৷ ৰাজ্যত তিনিটা পৰ্যায়ত ক্ৰমে ১৯ এপ্ৰিল,‌ ২৬ এপ্ৰিল আৰু ৭ মে'ত এই লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ৷

লগতে পঢ়ক:ধন দাবীৰ অভিযোগত প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল - FIR Against Luit Kumar Barman

মাননী নিদিয়াকৈ অব্যাহতি দিয়াক লৈ নলবাৰীৰ ষ্ট্ৰং ৰূমত উত্তেজনা - LOK SABHA ELECTION 2024

Last Updated : May 14, 2024, 2:37 PM IST

ABOUT THE AUTHOR

...view details