অসম

assam

ETV Bharat / politics

ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ মোহে বঙাইগাঁৱত ঘটালে অঘটন !

40 বছৰীয়া অগপৰ দুৰ্গত কি হ'ল ? বঙাইগাঁৱত অক্ষুন্ন থাকিবনে অগপৰ শক্তি ?

By ETV Bharat Assamese Team

Published : 6 hours ago

Bongaigaon AGP crisis
ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ মোহে বঙাইগাঁৱত ঘটালে অঘটন ! (ETV Bharat)

গুৱাহাটী:বঙাইগাঁৱৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ গৈ বাৰুকৈয়ে সমস্যাত পৰিছে অগপ ৷ বিশেষকৈ অগপৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সাংসদ হোৱাৰ পাছতো বঙাইগাঁৱৰ মোহ এৰিব পৰা নাই । সমষ্টিটোত পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব দিয়াৰ বাবে চৌধুৰী উঠিপৰি লগাত জিলা অগপত সংঘাতৰ সৃষ্টি হৈছে । ইয়াৰ মাজতেই শনিবাৰে বিয়লি বঙাইগাঁৱৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সাংঘাতে নতুন মোৰ লয় । উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাচনিৰ পূৰ্বেই বঙাইগাঁও অগপত বৃহৎ অঘটন ঘটিল শনিবাৰে ।

জিলা অগপৰ সভাপতি বিজয় সিংহ আৰু সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰে দল ত্যাগ কৰে । বঙাইগাঁও সমষ্টিৰ বাবে অগপৰ প্ৰাৰ্থী হিচাপে অন্যতম দাবীদাৰ আছিল শৈলেন্দ্ৰ সৰকাৰ । কিন্তু সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীক সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈ পৰাত জিলা অগপত পদত্যাগৰ জোৱাৰ উঠে । প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বঙাইগাঁও অগপত মুকলি বিদ্ৰোহ আৰম্ভ হোৱাৰ লগে লগে সলনি হৈছে সমগ্ৰ প্ৰেক্ষাপট । এনে পৰিস্থিতিত দলে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।

জানিব পৰা মতে অগপৰ কেন্দ্ৰীয় নেতৃত্বই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে জিলা সভাপতি বিজয় সিংহ, সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰ আৰু সাংসদ ফণীভূষণ চৌধুৰীক দায়িত্ব অর্পণ কৰিছিল । ইপিনে উক্ত নেতাকেইগৰাকীয়ে প্ৰাৰ্থী বাছনিত কিছু আসোঁৱাহ পাই উক্ত বাছনি সমিতিত পুনৰ তিনিগৰাকী নেতা ক্ৰমে প্ৰাক্তন বিধায়ক ভূপেন ৰায়, প্ৰাক্তন পঞ্চায়ত সভাপতি অশোক নাৰায়ণ দেৱ আৰু জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহক অন্তৰ্ভুক্ত কৰি লৈ ছয়জনীয়া প্ৰার্থী নিৰ্বাচন সমিতি নিৰ্ধাৰণ কৰিছিল । কিন্তু অগপৰ দুই প্ৰাৰ্থিত্বপ্ৰত্যাশী তথা দাবীদাৰ দীপ্তিময়ী চৌধুৰী আৰু শৈলেন্দ্ৰ সৰকাৰৰ ভিতৰত কাক দিব থিৰাং কৰিব পৰা নাছিল ।

লগতে পঢ়ক:খেলিমেলি লাগিছে নেকি বঙাইগাঁও অগপত ? ৪০ বছৰীয়া দুৰ্গত অথন্তৰ

দলীয় এজন জ্যেষ্ঠ নেতাই জনোৱা মতে এই সমিতিৰ পাঁচ সদস্যই প্ৰাৰ্থী নিৰ্বাচনৰ মূল কর্তৃত্ব তথা দায়িত্ব সাংসদ ফণীভূষণ চৌধুৰীক দিছিল । কিন্তু উপ-নিৰ্বাচনৰ বাবে পত্নী দীপ্তিময়ী চৌধুৰীৰ নাম নিৰ্বাচিত কৰিব নে সতীৰ্থ বন্ধু তথা অগপ দলৰ উত্থান-পতনৰ সাক্ষী হৈ থকা অগপৰ জন্মলগ্নৰ নেতা, জিলা অগপৰ সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ নাম নিৰ্বাচিত কৰিব তাকে লৈ শ'লঠেকত পৰিছিল দীর্ঘদিন অগপৰ ভেটি মজবুতকৈ ধৰি ৰখা বঙাইগাঁৱৰ নেতা তথা সাংসদগৰাকী ।

একাংশই উপ-নিৰ্বাচনৰ বাবে দীপ্তিময়ী চৌধুৰীকে প্ৰাৰ্থিত্ব প্ৰদানত হেঁচা প্ৰয়োগ কৰি আছে যদিও ফণীভূষণ চৌধুৰীয়ে সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল । সমষ্টিৰ বহু লোকে সাংসদগৰাকীক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰিবলৈ পৰামৰ্শ দি নিজৰ মান, সন্মান, মর্যাদা অক্ষুণ্ণ ৰাখিবলৈ তথা দলৰ গুণ-গৰিমা বজাই ৰাখিবলৈয়ো পৰামর্শ দিছিল । কিন্তু মোহত বন্দী হৈ থকা সাংসদ ফণীভূষণ চৌধুৰীয়ে উচিত সিদ্ধান্ত ল'ব নোৱৰাৰ বাবে অৱশেষত বঙাইগাঁও জিলা অগপত ভাঙোন সৃষ্টি হ'ল ।

সুদীর্ঘ দিন বিধায়ক হৈ থকাৰ মোহ ফণীভূষণ চৌধুৰীয়ে এৰিব বিচৰা নাই । পত্নীৰ যোগেদি সেয়া তেওঁ ধৰি ৰাখিব বিচাৰিছে । যাৰ বাবে আজি দলটো ব্যাপক খহনীয়াৰ সন্মূখীন হৈছে । লক্ষণীয় বিষয় যে শৈলেন্দ্ৰ সৰকাৰে অগপ দলৰ পৰা প্ৰাৰ্থিত্ব নাপালে নির্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যেই ঘোষণা কৰিছে । বৰ্তমানৰ প্ৰেক্ষাপটত দলৰ নেতৃত্বই বঙাইগাঁৱৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰি কাক প্ৰাৰ্থিত্ব দিয়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:সাংসদপত্নীক প্ৰাৰ্থিত্ব কিয় ? ক্ষোভত অগপ এৰিলে বঙাইগাঁৱৰ জিলা সভাপতি-সাধাৰণ সম্পাদকে

ABOUT THE AUTHOR

...view details