অসম

assam

ETV Bharat / politics

ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত খাম্পা বৰগয়াৰী - Lok Sabha eLECTION 2024

ELECTION CAMPAIGN OF BPF : বি পি এফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে একেদিনাই বিজনীৰ ছটাকৈ স্থানত বি পি এফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

LOK SABHA ELECTION 2024
খাম্পা বৰগয়াৰীৰ নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : May 1, 2024, 9:48 PM IST

বি পি এফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাং, 1 মে’ : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে এতিয়া তুংগত উঠিছে দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ ৷ তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগা কোকৰাঝাৰ লোকসভা সমষ্টিতো শাসক-বিৰোধী উভয়েই চলাইছে ব্যাপক প্ৰচাৰ ৷ পিছ পৰি ৰোৱা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফো ৷ দলটোৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

বুধবাৰে কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত বিজনীৰ পাণবাৰী মানাশ্ৰী বজাৰত নিৰ্বাচনী প্ৰচাৰ চলায় বি পি এফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে ৷ সভাত ইউ পি পি এল-ৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাৰ্থীগৰাকী ৷ কিছুদিন পূৰ্বে ইউ পি পি এলৰ নেতাই টকাৰ ওপৰত শুই থকাৰ ফটো ভাইৰেল হোৱা সন্দৰ্ভত তেওঁ কয় যে এয়া ইউ পি পি এলৰ টকা, প্ৰমোদ বড়োৱে দিয়া টকা, ৰাইজক বিলাবলৈ দিয়া টকা, এয়া দুৰ্নীতি ৷ বাতৰি প্ৰকাশ হোৱাৰ পিচতো প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ কৰা নাই, এইটো আচৰিত বুলি মন্তব্য কৰে বি পি এফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে ৷

বি পি এফ প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে, নিৰ্বাচনী প্ৰচাৰৰ বাবে দলে ডাঙৰ ডাঙৰ সভা অনুষ্ঠিত কৰা নাই ৷ সৰু সৰু সভা অনুষ্ঠিত কৰি গাঁৱৰ লোকসকলৰ সৈতে মত বিনিময় কৰা বুলি উল্লেখ কৰে তেওঁ ৷ এই ব্যৱস্থা কামত আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াত ৰাইজে তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিছে ৷ উল্লেখ্য যে, বুধবাৰে একেদিনাই বিজনীৰ ছটাকৈ স্থানত বি পি এফ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :বড়ো-অবড়ো মিলি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details