ডিব্ৰুগড়, 9 এপ্ৰল:লোকসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন মহলৰ বিভিন্নজনে ৰাজনৈতিক দলত যোগদানৰ ধুম উঠিছে ৷ এইবাৰ আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা আকৰ্ষিত হ’ল অঞ্চলিকতাবাদী দলৰ প্ৰতি ৷ মঙলবাৰে চাবুৱা-লাহোৱাল সমষ্টিৰ অগপ কাৰ্যালয় মুকলি অনুষ্ঠানত অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান কৰে বিমল বৰুৱাই ৷
উক্ত যোগদান কাৰ্যসূচীত বিমল বৰুৱাৰ সৈতে প্ৰায় ২০০ৰো অধিক লোকে যোগদান কৰিলে অসম গণ পৰিষদত ৷ দলটোত যোগদান কৰিয়েই বিমল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘একালৰ বন্ধুৱে শেহতীয়াকৈ বিজেপিত যোগদান কৰাৰ পিচত চাবুৱাৰ অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ আহ্বানত এটা সপ্তাহ চিন্তা কৰাৰ অন্তত অসম গণ পৰিষদত যোগদান কৰিছো ৷ মোৰ গাত জাতীয়তাবাদৰ তেজ আছে । সেয়ে তাক আজি মই প্ৰকাশ কৰিছো ।’’