গোৱালপাৰা, 7 মে’ :সমগ্ৰ ৰাজ্যতে পুৱাৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে চাৰিওটা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ঘটনা সংঘটিত হৈছে ৷
ধুবুৰী লোকসভা সমষ্টিৰ গোৱালপাৰা জিলাৰ 172 নং শ্ৰী সূৰ্যগিৰি এল পি স্কুলত ই ভি এম বিকল হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ পুৱাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে 172 নং শ্ৰী সূৰ্যগিৰি এল পি স্কুলত 149 টা ভোট গ্ৰহণৰ পিচত হঠাৎ বিকল হৈ পৰে ই ভি এম । প্ৰায় আধা ঘন্টাৰ পিচত নতুন ই ভি এম লৈ উপস্থিত হয় এটা দল উপস্থিত হয় ভোটগ্ৰহণ কেন্দ্ৰত ৷
জিলাখনত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিকূল বতৰক নেওচি ৰাইজ ওলাই আহিছে ভোটদান সাব্যস্ত কৰিবলৈ । 5 নং গুৱাহাটী আৰু 2 নং ধুবুৰী সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ 4 টাকৈ সমষ্টি ক্ৰমে গোৱালপাৰা পূব, দুধনৈ(জনজাতি)গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ মুঠ 910 টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰসকলে । ধুবুৰী লোকসভা সমষ্টিত মুঠ 26 লাখ 63 হাজাৰ 987 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 13 গৰাকী প্ৰাৰ্থীৰ ৷