গুৱাহাটী, ৩ মে':অহা ৭ মে'ত অসমত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ইতিমধ্যে ১০ টা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত ভোটগ্ৰহণৰ অন্ত পৰাৰ পিচত অহা ৪ জুনলৈ ফলাফললৈ অপেক্ষা কৰিব লাগিব । উল্লেখ্য যে এই চাৰিটা লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰী আৰু বৰপেটা সমষ্টিত নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ পৰিছে । নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে এই দুয়োটা সমষ্টিতে নিৰ্বাচনী যুঁজ তিনিকোণীয়া হোৱাৰ সম্ভৱনাই গা কৰি উঠিছে ।
আকৌ চাৰিটা লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰীত লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক আৰু বৰপেটা সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি ৰাজনৈতিক বিশেষজ্ঞ তথা ৰাজনৈতিক মহলত বিশেষ চৰ্চা হৈছে । মন কৰিবলগীয়া যে বৰপেটা লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন আৰু চি পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনাই দেখা দিছে । ইপিনে, ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ।
বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী যুজ: উল্লেখ্য অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দীপ বায়ন আৰু অজাপৰ পৰা ওলায় অহা দুলু আহমেদে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ চলায় আছে । নিৰ্বাচনী প্ৰচাৰত দৌৰত ফণীভূষণ চৌধুৰী, মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নে আগত আছে । প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ কংগ্ৰেছৰ যুৱ নেতা দীপ বায়ন সকলোৰে পৰিচিত মুখ নহয় যদিও শেহতীয়াকৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিঙ, কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলয়ে তেওঁৰ সমৰ্থনত চলোৱা ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰে দীপ বায়ন শক্তিশালী প্ৰাৰ্থী হিচাপে থিয় কৰাইছে ।
ইপিনে,কেইবাবাৰো বিধায়ক হোৱাৰ উপৰি বৰপেটা লোকসভা সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দিতা আগবঢ়োৱা অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ভোটাৰৰ বাবে চিনাকী মুখ । বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নির্বাচনী প্ৰচাৰ চলায় গৈছে প্রধানমন্ত্ৰীয়ে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৭ এপ্ৰিলত নলবাৰী জিলাৰ এখন নির্বাচনী সভাত অংশগ্রহণ কৰাৰ পিছত ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোত অন্যতম শক্তিশালী প্ৰাৰ্থী হিচাপে অন্য মাত্ৰা লাভ কৰিছে । আকৌ মুখ্যমন্ত্ৰীয়ে বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী গৰাকীৰ হৈ কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ।
ইপিনে, সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটা লোকসভা সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।সেই দিশৰ পৰা তেওঁ সমষ্টিটোৰ ভোটাৰৰ বাবে চিনাকি মুখ। লক্ষণীয় যে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত মাত্ৰ এটা সমষ্টি বৰপেটাত চি পি আই এমৰ প্ৰাৰ্থী দিয়াৰ বাবে অসমৰ বিভিন্ন ঠাইত থকা দলৰ প্ৰায়ভাগ কৰ্মী এই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। চি পি আই দলেও তেওঁক সমৰ্থন দিছে । নামনি অসমত বিশেষকৈ বৰপেটা জিলাত চি পি আই (এম)ৰ সাংগঠনিক ভেটিও শক্তিশালী । দুদিন পূৰ্বে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে তেওঁৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় । চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে ৰাইজৰ দলে আৰু এ আই ইউ ডি এফ দলে চি পি আই (এম)ৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াইছে ।
আজি সৰ্থেবাৰীত হোৱা চি পি আই (এম)ৰ প্ৰাৰ্থীৰ নিৰ্বাচনী সভাত ৰাইজৰ দলৰ উপদেষ্টা ঘনেশ্যাম নাথে অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত বৃহৎ জয় লাভ কৰিছিল কংগ্ৰেছ দলে । ১,৩৫,৪৪৫টা ভোটত বিজয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে । সমষ্টিটোত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ মাজত হৈছিল মূল যুঁজ । তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আব্দুল খালেকে ৬,৪০,২২৭টা ভোট পোৱাৰ বিপৰীতে অগপৰ কুমাৰ দীপক দাসে ৫,০৪,৭৮২টা আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰিছিল ২,৪৪,৭৮৯টা ভোট । সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে ১০টা বিধানসভা সমষ্টি ।