অসম

assam

ইডিৰ অভিযানৰ‌ পিছত কোম্পানীয়ে নিৰ্বাচনী বণ্ড ক্ৰয় কৰি বিজেপিক ধন দিয়ে :জীতেন্দ্ৰ সিং

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 5:18 PM IST

Electoral Bonds: নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ । বিজেপিৰ বৃহৎ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিচতেই সৰৱ হৈছে কংগ্ৰেছ । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে এই প্ৰসংগত কৰিলে বিস্ফোৰক মন্তব্য় ।

Congress Press Meet in Guwahati
কংগ্ৰেছ কমিটীৰ সম্পাদক সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং

কংগ্ৰেছ কমিটীৰ সম্পাদক সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং

গুৱাহাটী, ২০ মাৰ্চ: শেহতীয়াকৈ নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিৰ বৃহৎ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে । বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে এই বৃহৎ দুৰ্নীতি দেশৰ‌ ভিতৰতে নহয়,বিশ্বৰ ভিতৰত বৃহৎ দুৰ্নীতি বুলি গুৰতৰ অভিযোগ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে । বুধবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়,"এই নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে কৰা বৃহৎ দুৰ্নীতিৰ ছৱি প্ৰতিফলিত হৈছে ।"

তেওঁ কয়,"২০১৪ৰ সময়ত বিজেপিৰ নিৰ্বাচিনী প্ৰচাৰৰ অন্যতম কেন্দ্ৰবিন্দু আছিল "নিজে নাখাওঁ, আনকো খাবলৈ নিদিওঁ"। অৰ্থাৎ বিজে‌পিয়ে দুৰ্নীতি নকৰে, আনকো দুৰ্নীতি কৰিব নিদিয়ে । কিন্তু পিছত কি হ'ল ? নিৰ্বাচনী বণ্ডৰ জৰিয়তে জৰিয়তে বিজেপিয়ে বিশ্বৰ ভিতৰতে বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে । তেওঁ কয়," এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাইছো। যি প্ৰথমখন তালিকা প্ৰকাশ‌ হৈছে তাত স্পষ্টকৈ দেখা যায় যে যিটো কোম্পানীৰ মুঠ পুঁজি‌ ৫০০ কোটি টকা আছে, সেই কোম্পানীটোয়ে আকৌ নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১২০০ কোটি টকাৰ চান্দা দিছে । এই‌ ক্ষেত্ৰত বৃহৎ পুঁজিৰ দুৰ্নীতি সংঘটিত হোৱাৰ‌ ৰহস্যৰ সৃষ্টি হৈছে ।"

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয়," মুম্বাইত যিটো কোম্পানীত ডাবল টুইন টাৱাৰ নিৰ্মাণ কৰাৰ বাবে ১৪,৫০০ কোটি টকাৰ ঠিকা পায় , সেই কোম্পানীৰ পৰা তিনিদিন পিছত বিজেপিয়ে‌ ৪,৫০০ কোটি নিৰ্বাচনী বণ্ডৰ জৰিয়তে টকা সংগ্ৰহ কৰিছে । ইডিৰ অভিযানৰ‌ পিছত কোম্পানীবোৰে নিৰ্বাচনী বণ্ড ক্ৰয় কৰি বিজেপিক টকা দিয়ে । গতিকে ই ডি, চি বি আই আৰু কৰ বিভাগক বিজেপিয়ে একপ্ৰকাৰ বিজেপিৰ কাৰ্যালয় কৰিছে । ই ডি, চি বি আই আৰু কৰ বিভাগক বিজেপিয়ে বিজেপিৰ ধন‌ সংগ্ৰহৰ চিণ্ডিকেট কৰা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছে ।"

লগতে পঢ়ক:দিল্লীৰ সিদ্ধান্ত মানি ল’বলৈ মনোৰঞ্জন তালুকদাৰক আহ্বান দীপ বায়নৰ

ABOUT THE AUTHOR

...view details