অসম

assam

ETV Bharat / politics

ভাৰতৰ গণতন্ত্ৰ-সংবিধান সুৰক্ষিত কৰাৰ সময় এয়া : কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ আহ্বান - Lok Sabha Election 2024

প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ দুয়োজনেই দেশৰ প্ৰগতিৰ অন্তৰায় বুলি মন্তব্য কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ ৷ ভাৰতবৰ্ষৰ গণতন্ত্ৰক ৰক্ষাৰ স্বাৰ্থত, ভাৰতৰ সংবিধানক সুৰক্ষিত কৰিবলৈকে বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ এয়াই উপযুক্ত সময় বুলি কয় তেওঁ ৷

CONGRESS PRESIDENT VISIT ASSAM
অসমত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:26 PM IST

বৰপেটা, 27 এপ্ৰিল : দেশৰ গণতন্ত্ৰক উদ্ধাৰ আৰু ৰক্ষাৰ সময় এয়া, সংবিধানক সুৰক্ষা দিয়াৰ সময় এয়া- এই আহ্বানেৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই ৷ “দৰিদ্ৰৰ পৰা ধন লুণ্ঠন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধনীক প্ৰদান কৰে ৷ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ দুয়োজনেই দেশৰ প্ৰগতিৰ অন্তৰায় ৷”- অসমত 7 মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰচাৰ চলাই আজি বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই ৷ বিপৰীতে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ প্ৰশংসাৰে ভোট বিচাৰিলে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে ৷

জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত দেশত সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱ হোৱাৰ কথা উল্লেখ কৰি দেশলৈ প্ৰগতি আনিছিল বুলি উল্লেখ কৰে তেওঁ ৷ বৰপেটাৰ কয়াকুছিত অনুষ্ঠিত নিৰ্বাচনী সভাত বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিৰ দুই কংগ্ৰেছী প্ৰাৰ্থী দীপ বায়ন আৰু গৰ্জন মুছাহাৰীক দুকাষে থিয় কৰাই প্ৰধান মন্ত্ৰী মোদীক শাসনৰ পৰা আতঁৰাবলৈ জনতাৰ প্ৰতি আহ্বান জনায় ৷ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ দুয়োজনকে দেশৰ প্ৰগতিৰ অন্তৰায় বুলি সমালোচনা মল্লিকাৰ্জুন খাৰ্গেৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত শনিবাৰে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি অভিযোগ উত্থাপন কৰে যে ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ উদ্যোগপতি আদানিক বিক্ৰী কৰি গৈছে ৷ লগতে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখন বাবে দেশৰ উন্নয়নৰ অন্তৰায় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ দুয়োজনকেই বিক্ৰেতা আখ্যা দি বৰপেটাত নিৰ্বাচনী ৰণশিঙা বজাই খাৰ্গেই কয় যে দুয়োজনে এফালৰ পৰা ৰাজহুৱা খণ্ডৰ ৰে’লৱে, স্থলপথ, বন্দৰ, বিমানবন্দৰ আদি বিক্ৰী কৰি গৈ আছে ৷ বিক্ৰেতা দুজন আৰু কিনোতাও আদানী আৰু আম্বানী দুজনেই ৷ ইয়াৰ উপৰিও কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষজনে কয়- “ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দুখীয়াক লুট কৰি ধনীক ধন গতাই দিছে ৷ পুঁজিপতি সকলক মোদী চৰকাৰে 16 লাখ কোটি টকা মাফ কৰি দিছে ৷ বিপৰীতে দখীয়া আৰু কৃষকক একোৱেই নিদিলে ৷”

সভাত খাৰ্গেই বিজেপি আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি লগতে কয়- “ ভাৰতবৰ্ষৰ গণতন্ত্ৰক ৰক্ষাৰ স্বাৰ্থত , ভাৰতৰ সংবিধানক সুৰক্ষিত কৰিবলৈকে বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ এয়াই উপযুক্ত সময় ৷ বিজেপিয়ে মিছা কথা প্ৰচাৰ কৰি নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ কৰিছে ৷” লগতে এই ষড়যন্ত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে নেতৃত্ব লোৱা বুলি মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনে ৷ লগতে জনসভাত কংগ্ৰেছৰ গেৰাণ্টি সম্পৰ্কতো ৰাইজক সবিশেষ কয় খাৰ্গেই ৷

লগতে পঢ়ক :মোদীৰ মিছাৰ কাৰখানাই কাম নকৰিব : কয়াকুছিত নিৰ্বাচনী প্ৰচাৰ মল্লিকাৰ্জুন খাৰ্গেৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details