ETV Bharat / politics

চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, সমুখ সমৰত কংগ্ৰেছ-বিজেপি

Samaguri Bypoll : উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনী পৰিৱেশ । কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত মঙলবাৰেও সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

Samaguri Bypoll
চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

চামগুৰি : উপ-নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে । ১৯ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যই গতি লাভ কৰিছে । এইবাৰ উপ-নিৰ্বাচনত দুটা সমষ্টি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । তাৰে এটা হৈছে বিহালী । অৱশ্যে বিহালীত এতিয়ালৈকে বিৰোধীয়ে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । আটাইতকৈ চৰ্চিত সমষ্টিটো হৈছে চামগুৰি সমষ্টি ।

কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ দুৰ্গৰূপে খ্যাত চামগুৰি সমষ্টিত এইবাৰ বিজেপিয়ে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । আনহাতে, কংগ্ৰেছেও ৰকিবুল-পুত্ৰ তাঞ্জিল হুছেইনৰ জৰিয়তে সমষ্টিটোত নিজৰ আধিপত্য বজাই ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে । তাৰ মাজতে চামগুৰি সমষ্টিত সৃষ্টি হৈছে নিৰ্বাচনী হিংসা ।

চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা (ETV Bharat Assam)

মঙলবাৰেও উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয় চামগুৰি বিধানসভা সমষ্টিত । চামগুৰি সমষ্টিৰ শান্তিপুৰ বজাৰত সন্ধিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দলে-বলে উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইন । কিন্তু ৰকিবুল হুছেইনৰ সন্মুখতেই কংগ্ৰেছ গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে বিজেপি-অগপৰ কৰ্মীয়ে ।

আনহাতে, ৰকিবুল হুছেইনকো গ' বেক ধ্বনি দিয়াৰ পাচতেই উত্তেজিত হৈ পৰে কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকল । ফলত কংগ্ৰেছ কৰ্মী-সমৰ্থকসকলেও বিজেপিৰ বিৰুদ্ধে নানা শ্ল'গান দিয়াত অধিক উত্তপ্ত হৈ পৰে পৰিৱেশ । অৱশ্যে তৎক্ষণাত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰি পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও ঘটনাক কেন্দ্ৰ কৰি এতিয়াও উত্তপ্ত হৈ আছে অঞ্চলটোৰ পৰিস্থিতি ।

ইফালে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ ৰকিবুল হুছেইনে কয়, "মোৰ কাৰ্যসূচীক তেওঁলোকে ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে । কাৰণ তেওঁলোকৰ ৰাইজৰ বিপক্ষে যিবিলাক কাম সেইবোৰ মই মুকলিকৈ কৈ দিছোঁ । তেওঁলোকৰ মুখেদি শুনাই দিছোঁ । সেই কাৰণে কিছুমান গুণ্ডা আনি ইয়াত অৰাজকতাৰ সৃষ্টি কৰিছে । আজি মোৰ মূৰ গৰম হোৱা নাই, কাৰণ আজি মোৰ ইয়াত বহুত মানুহ আছিল । হাজাৰ হাজাৰ মানুহ আছিল । যদি মই অকণমান গৰম হৈ কথাবিলাক ক'লোহেঁতেন তেওঁলোকৰ কি অৱস্থা হ'লহেঁতেন । হিমন্ত বিশ্বই সেই কথাখিনি বিচাৰে । ইলেকচনৰ সময়ত কাজিয়াতো নালাগক, এনেধৰণৰ পৰিৱেশে গোটেই পৰিৱেশটো নষ্ট কৰে ।"

লগতে পঢ়ক :উচ্ছেদৰ ভিডিঅ' প্ৰদৰ্শনেৰে ৰকিবুলৰ প্ৰচাৰ; পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়েই মূল ইছ্যু বিজেপিৰ
লগতে পঢ়ক :উপ-নিৰ্বাচনত অৱতীৰ্ণ নহয় এ আই ইউ ডি এফ দল, চামগুৰিতো নিদিয়ে প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.