যোৰহাট, 27 ফেব্ৰুৱাৰী :নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি বিজেপিত যোগদানৰ বাবে আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা যোৰহাট প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী । সেই উদ্দেশ্য আগত ৰাখি আজি অৰ্থাৎ মঙলবাৰে যোৰহাট ৰৰৈয়া বিমান বন্দৰৰ পৰা দিল্লীলৈ ৰাওনা হয় ৰাণা গোস্বামী ৷ আজি বিয়লিৰ ভাগত তেওঁ দিল্লীত উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে ।
তথ্য মতে, কাইলৈ অৰ্থাৎ বুধবাৰে দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ নেতৃত্বতেই ৰাণা গোস্বামীয়ে সাক্ষাৎ কৰিব বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলক ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ উপস্থিতেই ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰা কথা এশ শতাংশই নিশ্চিত বুলি কথা দিব বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায় নেতাক ।
মাৰ্চৰ প্ৰথম সপ্তাহতেই গুৱাহাটী বাজপেয়ী ভৱনত ৰাণা গোস্বামীয়ে গেৰুৱা বসন পৰিধান কৰাৰ সম্ভাৱনা আছে ৷ কাৰণ এজন শক্তিশালী পৰ্যায় নেতা বাবে তেওঁ গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব । এই কথা প্ৰকাশ কৰিছে ৰাজনৈতিক মহলৰ এক বিশেষ সূত্ৰই । ৰাণা গোস্বামীয়ে সোমবাৰে গোলাঘাট কংগ্ৰেছৰ নতুন সভাপতিয়ে কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানলৈ যাব বুলি চৰ্চা চলি থকাৰ মাজতে তেওঁ দিল্লী পায়গৈ ৷