গুৱাহাটী, ৪ জুন : আজিৰে পৰা পৰিচয় সলনি হ’ল কংগ্ৰেছ যুৱনেতা গৌৰৱ গগৈৰ । গৌৰৱ গগৈ, সাংসদ, যোৰহাট ৷ এসময়ৰ কংগ্ৰেছৰ দুৰ্গ যোৰহাট পুনৰ উদ্ধাৰ কৰিলে কংগ্ৰেছৰ যুৱনেতাগৰাকীয়ে । লোকসভা নিৰ্বাচনৰ ফলাফলত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই যোৰহাটত বৃহৎ ব্যৱধানেৰে জয়লাভ কৰিলে নিজকে অভিমন্যুৰ লগত তুলনা কৰা গৌৰৱ গগৈয়ে । ৰণত পৰিল বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ ৷ যোৰহাটবাসীয়ে প্ৰত্যাখ্যান কৰিলে বিগত কাৰ্যকালৰ বিজেপি সাংসদ তপন কুমাৰ গগৈক ৷
গৌৰৱৰ জয়ে প্ৰত্যহ্বান বৃদ্ধি কৰিলে বিজেপিৰ
যোৰহাট লোকসভা সমষ্টিৰ ১০ টা বিধানসভা সমষ্টিৰ ৯ টাতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছৰ গৌৰৱ গগৈ । আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা সমষ্টিৰে ৭টাতে বৰ্তমান আছে বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়ক ৷ দুটাত কংগ্ৰেছ আৰু এটাত ৰাইজৰ দলৰ বিধায়ক আছে । স্বাভাৱিকতে ৰাজ্যজুৰি বিজেপিৰ মিত্ৰজোঁটে ৰাজ্যত ১১ খন আসনত জয়লাভ কৰিলেও যেন গৌৰৱ গগৈৰ এই বিজয়ে হৰিষত বিষাদ আনিলে বিজেপিৰ নেতৃত্বলৈ । লগতে উজনি অসমত বিজেপিৰ ভেঁটিত গৌৰৱৰ উপস্থিতিয়ে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ যে প্ৰত্যহ্বান কঢ়িয়াই আনিলে সেয়া নিশ্চিত ৷
যোৰহাটৰ জনমত, ২০২৪
বিজয়ী: গৌৰৱ গগৈ
১,৪০,২৩৪ টা ভোটৰ ব্যৱধানত জয়লাভ গৌৰৱ গগৈৰ
গৌৰৱ গগৈ : ৭৪১০০৭ টা ভোট
তপন কুমাৰ গগৈ : ৬০০৭৭৩ টা ভোট
নোটা : ১৪৪৪৭ টা ভোট
বিজেপিৰ মুখ থেকেচা, ক’ত কিমান ভোট লাভ গৌৰৱৰ ?
মাজুলীয়ে মান ৰাখিলে বিজেপিৰ
(বিধায়ক: ভুৱন গাম, বিজেপি)
গৌৰৱ গগৈ : ৫২৬৯০ টা ভোট
তপন কুমাৰ গগৈ : ৫৯২৭৬ টা ভোট
ভোটৰ ব্যৱধান:৬৫৮৬ টা ভোট
শিৱসাগৰ বিধানসভাত কংগ্ৰেছ মিত্ৰজোঁটৰ জয়
(বিধায়ক: অখিল গগৈ, ৰাইজৰ দল)
গৌৰৱ গগৈ : ৯১৮৪৩ টা ভোট
তপন কুমাৰ গগৈ : ৭৩০৯৩ টা ভোট
ব্যৱধান : ১৮৭৪৮ টা ভোট
ডিমৌ কংগ্ৰেছৰ দখললৈ
(পূৰ্বৰ থাওৰা সমষ্টি, বিধায়ক: সুশান্ত বৰগোঁহাই)
গৌৰৱ গগৈ : ৭৭৯২৯ টা ভোট
তপন কুমাৰ গগৈ: ৬১৮৭৯ টা ভোট
ভোটৰ ব্যৱধান : ১৬০৫০ টা ভোট
কংগ্ৰেছৰ দখলতে থাকিল নাজিৰা
(বিধায়ক: দেৱব্ৰত শইকীয়া, কংগ্ৰেছ)
গৌৰৱ গগৈ : ৭০৭২৭ টা ভোট
তপন কুমাৰ গগৈ: ৭০৬০০ টা ভোট
ভোটৰ ব্যৱধান : ১২৭ টা ভোট
বিজেপিৰ সোণাৰি সমষ্টি কংগ্ৰেছৰ দখললৈ