প্ৰচাৰত নামিল মীৰা বৰঠাকুৰ গুৱাহাটী,১৭ মাৰ্চ :অহা ৭ মে'ত গুৱাহাটী লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । শনিবাৰে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ বাকী সমষ্টিবোৰৰ লগতে অতি গুৰুত্বপূৰ্ণ গুৱাহাটী সমষ্টিটো ৰাজনৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে । বিশেষকৈ শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।
বিৰোধী ঐক্যমঞ্চৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰে ইতিমধ্যে সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ গৈ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তাৰ অংশ হিচাপে দেওবাৰে পুৱাই পলাশবাৰী বিধানসভা সমষ্টিত উপস্থিত হয় প্ৰাৰ্থীগৰাকী । সমষ্টিটোৰ অন্তৰ্গত মিৰ্জা, বৰকুছি, ৰামপুৰ আদি স্থানলৈ গৈ মীৰা বৰঠাকুৰে জনসাধাৰণৰ সৈতে মতবিনিময় কৰে আৰু মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰত সেৱা লয় ।
বিৰোধী মিত্ৰজোঁটৰ অংশ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাই পদযাত্ৰাৰে মীৰা বৰঠাকুৰক আদৰণি জনায় । মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ'কত উপস্থিত হৈ বিশিষ্ট সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তিত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পিচতে মিৰ্জাৰ সাপ্তাহিক বজাৰত বিভিন্ন লোকৰ সৈতে মতবিনিময় কৰে ।
এই প্ৰচাৰৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে শাসকীয় দলক তীব্ৰ আক্ৰমণ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক তেওঁ স্পেয়াৰ টায়াৰ আখ্যা দিয়ে । কিয়নো তেওঁ ইটো সমষ্টিৰ পৰা সিটো সমষ্টিলৈ যায় আৰু আধাৰশিলা স্থাপন কৰিও সম্পূৰ্ণ কৰিব নোৱাৰে । যাৰ বাবে এইবাৰ সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে ৰাইজে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক ভোট দিব বুলি তেওঁ আশাবাদী ।
একেদৰে যোৰহাট সমষ্টিত তপন গগৈৰ পৰিৱৰ্তে ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিব বুলি তেওঁ আত্মবিশ্বাসী । তেওঁৰ মতে গৌৰৱ গগৈৰ সৈতে তপন গগৈৰ তুলনাই নহয় । মানুহে স্বাধীনভাৱে কথা ক'ব পৰা পৰিৱেশ আৰু সংবিধানখন সুৰক্ষিত কৰি ৰখাৰ বাবেই সংসদত মাত মাতিব বুলি প্ৰতিশ্ৰুতিও দিলে মীৰা বৰঠাকুৰে ।
ইফালে গুৱাহাটী সমষ্টিৰ সকলো সমস্যা সমাধানৰো চেষ্টা চলাব তেওঁ । গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হ'ব পাৰিলে ইয়াৰ অংশ ১০ টা বিধানসভা সমষ্টিৰ সমস্যাসমূহ সুকীয়াকৈ সমাধানৰ চেষ্টা চলাব বুলি মীৰা বৰঠাকুৰে ৰাইজক আশ্বাস দিয়ে ।
লগতে পঢ়ক :অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ভাবুকি উপ-সভাপতি দুলু আহমেদৰ