নগাঁও :চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ । চামগুৰিত বৃহস্পতিবাৰে কংগ্ৰেছৰ ৰেলীত একাংশ বিজেপি কৰ্মীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । আনকি কেইবাগৰাকী সাংবাদিককো বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । কিন্তু শুক্ৰবাৰে সমগ্ৰ ঘটনাই লৈছে নতুন মোৰ ।
বৃহস্পতিবাৰে চামগুৰিৰ বৰমা ভগামুখত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এজন বিজেপি কৰ্মীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে চামগুৰিত । নিৰ্বাচনী হিংসাত বিজেপি কৰ্মীজনৰ ইতিমধ্যেই মৃত্যু হোৱাৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে নগাঁৱত।
বৃহস্পতিবাৰে সমষ্টিটোত সংঘটিত হিংসাত্মক ঘটনাত আহত হোৱা বিজেপি কৰ্মী বাজিয়াগাঁৱৰ বিপুল শইকীয়াৰ শুক্ৰবাৰে পুৱাই বাসগৃহত মৃত্যু হয় । বিজেপি কৰ্মীজনৰ মৃত্যুৰ পাছতেই ঘটনা সন্দৰ্ভত তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী । ঘটনাত বিজেপি কৰ্মী বিপুল শইকীয়াৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে কলিয়াবৰৰ এগৰাকী আৰক্ষী বিষয়াই । অৱশ্যে কাৰ আক্ৰমণত অথৱা কি অৱস্থাত বিজেপি কৰ্মীজনৰ মৃত্য হৈছে এই সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি ই টিভি ভাৰতক জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ।