অসম

assam

ETV Bharat / politics

ত্ৰিপুৰাৰ কংগ্ৰেছ নেতা-কৰ্মীৰ আক্ৰমণৰ ঘটনাৰ পৰ্যবেক্ষকৰ দায়িত্বত গৌৰৱ গগৈ - MP GAURAV GOGOI - MP GAURAV GOGOI

Tripura Congress : ত্ৰিপুৰাৰ কংগ্ৰেছ কৰ্মী আৰু নেতাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসমৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ওপৰত ৷ গৌৰৱ গগৈৰ লগতে দায়িত্ব দিয়া হৈছে তাৰিক আনোৱাৰক ৷ এক বিবৃতিযোগে এই কথা জনাইছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ৷

MP GAURAV GOGOI
গৌৰৱ গগৈক নতুন দায়িত্ব (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 10:30 PM IST

গুৱাহাটী, ১৬ জুলাই: অসমৰ হৈ কাম কৰাৰ ক্ষেত্ৰত আন দায়িত্ব নিদিয়াৰ বাবে আহ্বান জনোৱাৰ পাচতো দায়িত্বৰ বোজা হ্ৰাস হোৱা নাই যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ৷ যোৰহাটৰ পৰা নিৰ্বাচিত হৈ অহাৰ পাচত অসমৰ বাবে কাম কৰাৰ কথা কৈ দায়িত্বৰ বোজা জাপি নিদিবলৈ দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি আহ্বান জনাইছিল গৌৰৱ গগৈয়ে ৷ কিন্তু সেই আহ্বানৰ পাচতো দায়িত্বৰ পৰা সাৰিব পৰা নাই সাংসদগৰাকী ৷

বিবৃতিযোগে জাৰি নতুন নিৰ্দেশনা (ETV Bharat Assam)

লোকসভাত পুনৰবাৰ বিৰোধী উপ-দলপতি হিচাপে নিযুক্তি দিয়াৰ পাচতেই এইবাৰ দলে গৌৰৱ গগৈৰ ওপৰত অৰ্পণ কৰিলে আন এক গধুৰ দায়িত্ব ৷ সেয়া হৈছে- ত্ৰিপুৰাত কংগ্ৰেছ কৰ্মী আৰু নেতাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পৰ্যবেক্ষকৰ দায়িত্ব ৷ বিগত সময়ছোৱাত আন কেইবাখনো ৰাজ্যত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ জয়-পৰাজয়ৰ ফলাফল বিশ্লেষণৰো দায়িত্ব অৰ্পণ কৰা হৈছিল যোৰহাটৰ সাংসদগৰাকীক ৷ ইয়াৰে মাজতে এইবাৰ তেওঁৰ ওপৰত অৰ্পণ কৰা হৈছে ত্ৰিপুৰাৰ হিংসাত্মক পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্ব ৷

লগতে পঢ়ক:ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং কৰাসকল কেতিয়াবাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে : জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷ ৮ আগষ্টত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপিৰ নেতা-কৰ্মীয়ে ব্যাপক হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে ৷

ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি আশীষ কুমাৰ সাহাৰ অভিযোগ অনুসৰি, ৰাজ্যখনত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনক প্ৰহসনলৈ পৰিণত কৰিছে ৷ ত্ৰিপুৰাৰ শেহতীয়া এনে পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ বাবে দলে গৌৰৱ গগৈৰ লগতে দায়িত্ব দিছে তাৰিক আনোৱাৰক ৷ এক বিবৃতিযোগে এই কথা জনাইছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ৷

লগতে পঢ়ক:নতুনক দলত স্থান দিয়াৰ ক্ষেত্ৰত তৃণমূলৰ অনুমতিৰ প্ৰয়োজন : গৌৰৱ গগৈ - GAURAV GOGOI

ABOUT THE AUTHOR

...view details