অসম

assam

ETV Bharat / politics

তিনি গগৈকো ধৰিব নোৱাৰি, কাক কোনে লেং মাৰে: মুখ্যমন্ত্ৰী - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

BJP Prabhari meeting: শনিবাৰে মহানগৰীত অনুষ্ঠিত হয় ১২৬ টা সমষ্টিৰ প্ৰভাৰীসকলৰ বৈঠক । এই বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক তীব্ৰ সমালোচনা কৰে ।

Lok Sabha election 2024
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:56 PM IST

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ৩০ মাৰ্চ: "২০২৬ লৈ কোনো হিন্দু মানুহে কংগ্ৰেছ দলত নাথাকিব । ২০৩২ লৈ প্ৰায়বিলাক মুছলমানো কংগ্ৰেছত নাথাকিব ।" কংগ্ৰেছ দল সন্দৰ্ভত পুনৰ এনেদৰে মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে মহানগৰীত অনুষ্ঠিত ১২৬ টা সমষ্টিৰ প্ৰভাৰীসকলৰ বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ এইদৰে মন্তব্য় কৰে ।

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত ১২৬ টা সমষ্টিৰ প্ৰভাৰীসকলৰ সৈতে অনুস্থিত হয় বৈঠক । এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,"আমাৰ দলৰ সকলো কাম নিয়াৰিকৈ চলি আছে । কাইলৈ বিয়লি মই মাজুলীলৈ যাম । ১ এপ্ৰিলত মাজুলীৰ পৰাই চাইকেল ৰেলী আৰম্ভ কৰিম । " তেওঁ পুনৰ কয়,"এতিয়া আৰু ৰাজীৱ ভৱনটোৰ কাম নোহোৱা হ'ল । সেইটো মহানগৰ সমিতিৰ বিজেপিৰ অফিচ কৰি দিম । আমাৰ দলত এতিয়া সকলো দলৰে মানুহ আহি আছে । বিপিএফৰ পৰাও মানুহ আহিব বিজেপিলৈ । মুছলমান যুৱ সমাজেও মোক সমৰ্থন জনাই আহিছে ।"

আনহাতে, গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে যোৰহাটত কংগ্ৰেছৰ ফুটবলত হাৱা নাই । গৌৰৱ গগৈৰ এই দুয়োজন সোঁহাত- বাঁওহাত আছিল, কিন্তু এতিয়া দুয়োজন আহি গ’ল বিজেপিলৈ । তেওঁ কয় যে ৰাজনৈতিক দল সদায় ৰাইজৰ তলত। ৰাইজে যিফালে গ'ল দিয়ে সিফালে গ'ল হ'ব । ইফালে, তিনি গগৈ সন্দৰ্ভত কয় যে তিনি গগৈকো ধৰিব নোৱাৰি । কাক কোনে লেং মাৰি দিয়ে ধৰিব নোৱাৰি ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,"অসমত যিধৰণে কাম কৰিছো ইয়াৰ আগতে কাম হোৱাই নাছিল । ৰেচন কাৰ্ড থাকিলেই অৰুণোদই পাব লগতে মেট্ৰিক পাছ কৰিলে ছোৱালীৰ দায়িত্ব আমি লৈছো । সেয়েহে ৰাইজে আশীৰ্বাদ কিয় নিদিব আমাক। অফিচ কাছাৰীও সম্পূৰ্ণ পৰিপাটি । ধুনীয়াকৈ ৰাজ্য চলি আছে । " আনফালে বিহু কমিটীক আগবঢ়োৱা অনুদান সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই সন্দৰ্ভত আমি নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছো । বিহু কমিটীক আগতে কথা দিয়া অনুদানটো দিব পাৰো যেন, যদি দিব নোৱাৰো বুলি কয়,পাচত দি দিম ।

উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুই -এজন নেতাৰ বাহিৰে কংগ্ৰেছত আৰু কোনোৱে নাথাকে বুলি মন্তব্য আগবঢ়াইছিল । তাৰ পিচতে যেন মুখ্যমন্ত্ৰীগৰাকীৰ কথা প্ৰমাণ হবলৈ ধৰিছে । কিয়নো নিতৌ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে ইজনৰ পিছত সিজন নেতাই । শনিবাৰে তিনি গৰাকী নেতাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে । তাৰ বিপৰীতে বিজেপিয়ে প্ৰতিদিনে অনুস্থিত কৰিছে ইখনৰ পিছত সিখনকৈ বৈঠক ।

লগতে পঢ়ক:কৰ নিদি পলায়ন কৰা কংগ্ৰেছ দৰিদ্ৰজনৰ সৈতে নাই: মুখ্যমন্ত্ৰী শৰ্মাৰ কটাক্ষ - IT Tax Notice To Congress

ABOUT THE AUTHOR

...view details