গুৱাহাটী, 26 ফেব্ৰুৱাৰী : অখিল গগৈৰ ক’লা নজৰৰ পৰা বাচিবলৈ মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধিছে গ্ৰহৰত্ন ৷ বিধানসভাৰ মজিয়াত বিৰোধী বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আজি অসম বিধানসভাত গৃহীত হ’ল অসম নিৰাময় (অশুভ প্ৰতিৰোধ) প্ৰথা বিধেয়ক, 2024 ৷ আজিৰে পৰা বেজ-বেজালিৰ বিৰুদ্ধে কঠোৰ আইনৰ প্ৰৱৰ্তন হ’ল ৰাজ্যত ৷ বিধানসভাৰ মজিয়াত চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখনৰ প্ৰসংগত বিৰোধীক সমালোচনা কৰি আগবঢ়ালে এক দীঘলীয়া ভাষণ ৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনসাধাৰণলৈ বাৰ্তা দিব খুজিছিল বেজ-বেজালিৰ বিৰুদ্ধে ৷ কিন্তু নিজৰ ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই বেজ-বেজালিৰ আশ্ৰয় লৈছে নেকি বুলি অখিল গগৈৰ এক অনাহূত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় অসম বিধানসভাৰ মজিয়াত ৷ সোমবাৰে অসমবিধান সভাৰ অধিবেশনৰ অন্তিম দিনা সদনত অসম নিৰাময় (অশুভ প্ৰতিৰোধ) প্ৰথা বিধেয়ক, 2024 (The Assam Healing (Prevention of Evil) Practices Bill, 2024) গৃহীত হোৱাৰ পিছতে সদনত এই বিষয়ত আলোচনা আৰম্ভ হয় ৷ এই বিধেয়কত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এক সংশোধনী প্ৰস্তাৱ আনিছিল যদিও সেয়া নাকচ হয় ৷ তাৰ মাজতে মুখ্যমন্ত্ৰীৰ হাতৰ ৰঙা ৰচী আৰু গ্ৰহৰত্নক লৈ অখিল গগৈয়ে তীৰ্যক প্ৰশ্ন উত্থাপন কৰে ৷
মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়াই থকাৰ মাজতেই অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সুধিলে- “আমাৰ মুখ্যমন্ত্ৰীৰ হাতত বহু ৰঙা ৰচী আৰু আঙুলিত কেইবাটাও গ্ৰহৰত্ন আছে, সেইবোৰ এই আইনৰ অধীনত বন্ধ হ’ব নে নহ’ব ?” লগতে গোমূত্ৰৰ প্ৰসংগও উত্থাপন কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে- "এই যে গো-মূত্ৰ সেৱন কৰাই বেমাৰ নাইকীয়া হ’ব বুলি, সেয়া এই আইনৰ ভিতৰত পৰিবনে ?"