অসম

assam

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ আগতে নিজৰ পৰিচয় দিব লাগিব সাংবাদিকে: হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 10:51 PM IST

Himanta Biswa Sarma to journalist: এতিয়াৰে পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাৰ পূৰ্বে সাংবাদিকে নিজৰ পৰিচয় দি ল’ব লাগিব ৷ ডি আই পি আৰৰ পঞ্জীয়ন নথকা নিউজ প’ৰ্টেলৰ সাংবিদক যাব নোৱাৰিব মুখ্যমন্ত্ৰীৰ সংবাদমেললৈ ৷

HIMANTA BISWA SARMA
সাংবাদিকৰ বাবে মুখ্যমন্ত্রীৰ মৌখিক গাইডলাইন (ETV Bharat Assam)

গুৱাহাটী, ২৫ আগষ্ট : এতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাৰ আগতে সাংবাদিকে নিজৰ পৰিচয় দিব লাগিব । কেৱল পৰিচয় দিয়াই নহয়, ডি আই পি আৰৰ পঞ্জীয়ন নহ’লে নাইবা আই এণ্ড পি আৰত পঞ্জীয়ন নথকা প'ৰ্টেলৰ সাংবাদিক মুখ্যমন্ত্ৰীৰ সংবাদমেললৈ যাব নোৱাৰিব । এই নিৰ্দেশনা খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

সাংবাদিকৰ বাবে মুখ্যমন্ত্রীৰ মৌখিক গাইডলাইন (ETV Bharat Assam)

উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এগৰাকী সাংবাদিকৰ পৰিচয় সোধাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিয়মৰ ওপৰত দৃষ্টিপাত কৰি সাংবাদিকলৈ একপ্ৰকাৰ মৌখিক গাইডলাইন জাৰি কৰে ।

সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ সংবাদমেলত সাংবাদিকে প্ৰশ্ন কৰাৰ আগতে সাধাৰণতে নিজৰ নাম কোৱা হয় । দিল্লীত এনেধৰণৰ নিয়ম মানি চলা হয় । তেন্তে আমাৰ ইয়াত কোনো সাংবাদিকক তেওঁৰ নামটো সোধোতে ইয়াত প্ৰেছ ক্লাব কিয় আহিব লাগে ? পিতৃ-মাতৃ প্ৰদত্ত নামটো সোধাৰ লগে লগে গৌৰৱেৰে ক’বহে লাগে । নিজৰ নামটো কোৱাত কিয় বেয়া পাবলগীয়া আছে ? মই নাম সোধাটো ভুল হৈছে, কিন্তু সাংবাদিকজনে নাম নোকোৱাকৈ প্ৰশ্ন সোধাটোও ভুল হৈছে ।’’

মুখ্যমন্ত্ৰীয়ে হাতযোৰ কৰি কয়, ‘‘মোৰ সংবাদমেলত প্ৰথমে নামটো কৈ মোক প্ৰশ্ন কৰিব । এইটো এটা নিয়ম । মই কোনো নিয়ম বান্ধি দিয়া নাই । নাম কৈ প্ৰশ্ন সোধাটো এটা প্ৰট’ক’ল, এটা ষ্টেণ্ডাৰ্ড । গতিকে এতিয়াৰে পৰা প্ৰশ্ন সুধিলে নামটো কৈ দিব । মোৰো সুবিধা হয় । কোনো প'ৰ্টেলৰ যেতিয়ালৈকে ডি আই পি আৰৰ পঞ্জীয়ন নহয় তেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ সংবাদমেললৈ আহিবও নালাগে । আমাৰো সুৰক্ষাৰ কথা আছে ।’’

লগতে পঢ়ক :ৰাজভোগ এৰি চি বি আই, ইডিৰ গোচৰৰ বাবে সাজু হওক: মুখ্যমন্ত্ৰীক ক’লে ভূপেন বৰাই

প’ৰ্টেলৰ জৰিয়তে ৰাজহুৱা কৰা হ’ব মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তথ্য: গৌৰৱ গগৈ

ধিংকাণ্ড : লোকসভা নিৰ্বাচনৰ পিছত কিছু লোকৰ মনোবল বৃদ্ধি পোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details