অসম

assam

ETV Bharat / politics

তিনি গগৈক অসমত আবেগৰ ৰাজনীতি নকৰাৰ প্ৰতিজ্ঞা ল'বলৈ দাবী মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

'কা' আন্দোলনকাৰীৰ বিৰুদ্ধে হত্য়াৰ গোচৰ লগাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 'কা' আন্দোলনটো যে এটা ফাঁকি আছিল সেই কথাটো অখিল গগৈ, গৌৰৱ গগৈ, লুৰীণ গগৈয়ে মানি ল’ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 8:25 PM IST

LOK SABHA ELECTION 2024
বিশ্বনাথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

বিশ্বনাথ ১২ মাৰ্চ : "প্ৰেমলাল গঞ্জুৱে কেতিয়াও কংগ্ৰেছক ভোট দি পোৱা নাই ৷ এইবাৰ নিজে উঠিছে যেতিয়া ভোট দিব ৷ মোৰ লগত সকলোৰে ভাল ৷ সদায় বিজেপিকে সহায় কৰে ৷ এইবাৰ নিজে উঠিছে যেতিয়া নিজৰ ভোটটো নিজে ল’ব ৷" শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক কটাক্ষ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে বিশ্বনাথত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷

ইফালে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত 'কা' আন্দোলন সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীজনে ৷ তেওঁ কয়- "'কা' আন্দোলন হ’ল, দুই কোটি মানুহ আহিব বুলি ক’লে ৷ কিন্তু এজনো নাহিল, আবেদনো এজনে কৰিছে ৷ গতিকে 'কা' আন্দোলনটো যে এটা ফাঁকি আছিল সেই কথাটো অখিল গগৈ, গৌৰৱ গগৈ, লুৰীণ গগৈয়ে মানি ল’ব লাগে ৷ শ্বহীদসকলৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগে ৷ লগতে অসমত আবেগৰ ৰাজনীতি কেতিয়াও নকৰো বুলি প্ৰতিজ্ঞা কৰিব লাগে ৷ নহ’লে মই কৰাই দিম ৷ দুই-চাৰিদিন চাওঁ, নহ’লে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেচ লগাম ৷"

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ বাবে উজনিৰ পৰা নামনিলৈ এতিয়া প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শুকুৰবাৰে বিয়লি বিশ্বনাথ বিধানসভা সমষ্টিৰ সাধাৰু খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপি দলৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীজনে ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত কংগ্ৰেছৰ লগতে বিৰোধীক তীব্ৰ সমালোচনা কৰে তেওঁ ৷

লগতে পঢ়ক :মুখাপিন্ধা উদীয়মান মিত্ৰশক্তি বুলি কাক ক'লে সৰ্বানন্দ সোণোৱালে ? - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details