গুৱাহাটী: "মহাৰাষ্ট্ৰত বিজেপি আৰু ইয়াৰ মিত্রজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । কিছুদিন পূৰ্বে হাৰিয়ানাৰ নিৰ্বাচনটো বিজেপিয়ে বিপুল বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ছত্তিশগড় আৰু আন বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনসমূহতো বিজেপিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । অৱশ্যে এই আনন্দৰ খবৰৰ মাজতে ঝাৰখণ্ডত আমাৰ দলৰ পৰাজয়ে স্বাভাৱিকভাৱে আমাক সকলোকে ব্যথিত কৰিছে ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।
শনিবাৰে নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কেইবাটাও প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
- উপ-নিৰ্বাচনৰ ফলাফল আৰু বিশেষকৈ চামগুৰিৰ জয় :
অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয়, "অসমৰ পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত আমাৰ দল, অগপ আৰু ইউ পি পি এলে পাঁচটা সমষ্টিতে জয়ী হ'বলৈ সক্ষম হ'ল । বিধানসভা নিৰ্বাচনলৈ এটা বছৰ থাকোতে ৰাইজে পৰিৱৰ্তন বিচাৰিলে শাসকীয় দলে উপ-নিৰ্বাচনত এশ শতাংশ আসনত বিজয়ী নহয় । চাৰিখন আমাৰ আছিল । চামগুৰি সমষ্টি আমি প্ৰিমিয়াম হিচাপে লাভ কৰিলো । চামগুৰি সমষ্টিৰ জনসংখ্যাৰ গাঁঠনিত ৬৫ শতাংশ সংখ্যালঘুৰ বসতি স্থাপন ।"
তেওঁ লগতে কয়, "কংগ্ৰেছ দলে ২৫ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আহিছে । আমাৰ বাবে চামগুৰি জিকা সহজ নাছিল । কংগ্ৰেছ দলৰ ৰাজনীতি আছিল কোনো এটা বিশেষ জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম । বিজেপিয়ে সকলোকে ন্যায় প্ৰদান কৰে । আমি কাকো ভোটবেংকৰ দৰে ব্যৱহাৰ নকৰো । সকলোৰে সৈতে সকলোৰে বিকাশ আমাৰ নীতি । আজি চামগুৰিৰ সংখ্যালঘু জনসাধাৰণেও আমাক অভূতপূৰ্বভাৱে ভোটদান কৰিলে ।"
বিহালীৰ প্ৰসংগত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিহালীৰ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন আছিল । বিহালীত যোৰহাটৰ সাংসদজনে যেতিয়া দুটা মাহ একপ্ৰকাৰ শিবিৰ পাতি নিৰ্বাচনত জঁপিয়াই পৰিছিল তেতিয়া জনতাৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰিছিল । মই জনাত কংগ্ৰেছ দলে তেওঁক প্ৰথমতে চিদলী সমষ্টিৰ দায়িত্ব দিছিল । কিন্তু তেওঁ নিজে আবেদন কৰি বিহালীৰ দায়িত্ব লৈছিল । বিহালীত আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল চাহ বাগিচাৰ এজন চকীদাৰৰ সন্তান । চাহ বাগিচাৰ এজন চকীদাৰৰ সন্তানক হৰুৱাবৰ বাবে যদি এজন ৰাজ সন্তানে দুই-তিনি মাহ শিবিৰ কৰিলে ক'ৰবাত নহয় ক'ৰবাত মই সামন্তবাদৰ গোন্ধ পাও । কংগ্ৰেছৰ দিনত চাহ বাগিচাৰ লোকসকলক বঞ্চিত কৰি ৰখা হৈছিল । মই বিহালীবাসী ধন্যবাদ জনাইছো ।"
- চামগুৰিৰ ৰাইজে কৰিলে ন্যায় :
মুখ্যমন্ত্রীয়ে এটা ভিডিঅ' দেখুৱাই কয়, "এই ভিডিঅ'টো হ'ল ২০১৬ চনৰ ৪ এপ্ৰিলৰ দিনা চামগুৰিৰ মোৱামাৰি পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ' । সিদিনা মই জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলোৱাৰ বাবে চামগুৰিত প্ৰৱেশ কৰিছিলো । মোৱামাৰি পঞ্চায়তত সিদিনা কংগ্ৰেছ দলৰ সদস্যসকলে মোৰ ওপৰত আক্ৰমণ চলাইছিল । ২০১৬ চনৰ পাছত মই কেতিয়াও ভবা নাছিলো যে চামগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব । আজি চামগুৰিৰ ৰাইজে ন্যায় দিলে । ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন সেই সময়ত চামগুৰিৰ বিধায়ক আছিল । তেওঁৰ পৰা ঘটনাটোৰ বাবে এটা ফোন মই আশা কৰিছিলো । কিন্তু অৱশেষত চামগুৰিৰ ৰাইজে ন্যায় প্ৰদান কৰিলে ।"
- ঝাৰখণ্ডত লক্ষ্যত উপনীত হ'ব নোৱাৰিলো :