অসম

assam

ETV Bharat / politics

চিৰাঙত গীত-মাত-নৃত্যৰে ভৰপূৰ নিৰ্বাচনী প্ৰচাৰ: বেৰিকেট ভাঙি কাষ চাপি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ইউ পি পি এল বিজেপিৰ মিত্ৰতা বি টি আৰৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে হোৱা মিত্ৰতা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ বি পি এফৰ এতিয়া কাম নাই বুলিও কয় ড৹ শৰ্মাই ৷ দেওবাৰে চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

KOKRAJHAR LOK SABHA CONSTITUENCY
হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 9:21 PM IST

চিৰাঙত গীত-মাত-নৃত্যৰে ভৰপূৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাং, 28 এপ্ৰিল: চিৰাঙৰ কদমতলি পথাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বি টি চি প্ৰধান প্ৰমোদ বড়ো আৰু মন্ত্ৰী অশোক সিংহল, ৰণজিৎ দাস, ইউ জি ব্ৰহ্ম, বিধায়ক অজয় ৰায়, ভাস্কৰ শৰ্মাসহ কেবাজনো বিধায়ক, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম , বি টি চিৰ কাৰ্যবাহী সদস্য, পাৰিষদসকলৰ লগতে এন ডি এ মিত্ৰজোঁটৰ নেতাসকল উপস্থিত থাকে ৷

অনুষ্ঠানত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে সকলো বেৰিকেড ভাঙি মানুহ আগুৱাই যাবলৈ কোৱাৰ লগে লগে আকৌ এবাৰ মোদী চৰকাৰ গানত নৃত্য আৰম্ভ কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ পৰা দহ বছৰ পূৰ্বে এনেদৰে সমুহীয়াভাৱে নাচ-গান হোৱা নাছিল । আছিল মাথো উগ্ৰপন্থীৰ সমস্যা, বোমা বিস্ফোৰণ, গুলী, ধনদাবী, অপহৰণ, হত্যা-হিংসা ইত্যাদি । নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বি টি চিলৈ বি জে পি-ইউ পি পি এলে এই শান্তি আনিলে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ উগ্ৰপন্থীসকলে চৰকাৰৰ ওচৰচ বন্দুক জমা দিয়া বুলি উল্লেক কৰি ড৹ শৰ্মাই কয় যে বি পি এফৰ সময়ত বন্দুক দেখুৱাই ভোট খুজিছিল । আজি সেই মানুহে হাতজোৰ কৰি ভোট বিচাৰে ।

আজি সকলো মানুহ মুকলিকৈ ওলাব পাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া শান্তিৰে থাকিব পৰা হৈছে । বড়ো-অবড়ো নোহোৱা হ’ল । আজি যদি এন ডি এক ভোট দি মোদীক প্ৰধানমন্ত্ৰী নকৰিলে ভৱিষ্যতে বিপদত পৰিলে কাৰ ওচৰলৈ যাম বুলি প্ৰশ্ন কৰি মোদীক প্ৰধানমন্ত্ৰী বনাবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই ।

মামাক ভিটামিন দিবলৈ কৈ ট্ৰেক্টৰৰ চিনত ভোট দিলেহে মামাই ভিটামিন পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । কটা হাতৰ দাম নাই, নাঙলৰ কাম নাই বুলি মন্তব্য কৰি ড৹ শৰ্মাই কয় যে সকলোৱে আজিকালি ট্ৰেক্টৰেৰে হাল বায় । হাগ্ৰামা মহিলাৰীক ভোট দিলে আমাৰ উন্নতি নহয়, কেৱল দুনীতিহে হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

আনহাতে ইউ পি পি এল বিজেপিৰ মিত্ৰতা দুটা ৰাজনৈতিক দলৰ মিত্ৰতা নহয়, বি টি আৰৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে হোৱা মিত্ৰতা বুলি কয় ড৹ শৰ্মাই । তেওঁ কয় যে অসম আৰু বি টি চিৰ বৃহত্তৰ স্বাৰ্থত হোৱা মিত্ৰতা এয়া । এয়া সহজে নাভাগে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । ইয়াৰোপৰি তেওঁ কয় যে আজিকালি অসমত মাইনৰিটী-মেজৰিটী নাই, মানুহে মানুহ বুলি ভোট দি আছে । সকলো জাতি-ধৰ্মৰ লোকে মিলি উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দি আছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে কয় যে বি পি এফৰ এতিয়া আৰু কাম নাই, বি পি এফৰ নাঙলৰো কাম নাই । সকলোৱে এন ডি এক ভোট দিবলৈ কৈ মুখ্যমন্ত্ৰীয়ে কয় যে তেতিয়াহে সকলো ৰেচন কাৰ্ড থকা লোকে অৰুনোদয় পাব ।

লগতে পঢ়ক:দৰ্প চূৰ্ণ হ’ব নেকি নগঞা ৰাজেনৰ ? মুখ্যমন্ত্ৰীৰ কথামতেই বহিষ্কাৰ হ’ব নেকি ৰাজেন গোঁহাই ?

ABOUT THE AUTHOR

...view details