অসম

assam

ETV Bharat / politics

ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ - ASSAM BYE ELECTIONS 2024

নিৰ্বাচনৰ পাছতেই থানাত চাহ খুৱাই সোধা-পোছা কৰা হ'ব ৰকিবুল হুছেইনক । একালৰ বন্ধু ৰকিবুল হুছেইনৰ বিৰুদ্ধে বহু বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ ।

Samaguri Bye Election
কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ মুখ্যমন্ত্ৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 7:36 PM IST

Updated : Nov 7, 2024, 8:02 PM IST

নগাঁও, চামগুৰি :এসময়ৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী ৰণডংকা মুখ্যমন্ত্ৰীৰ । নিৰ্বাচনী প্ৰচাৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে একপ্ৰকাৰ গৰজি উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এসময়ৰ বন্ধু ৰকিবুল হুছেইনক একপ্ৰকাৰ সকীয়নি প্ৰদান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাৰ ।

বিগত কেইদিন ধৰি প্ৰায়েই চামগুৰি সমষ্টিৰ বহু যুৱকক চৰকাৰী চাকৰি দিয়াৰ কথা কৈ ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ প্ৰসংগ উল্লেখ কৰি তাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । নিজৰ মেধাৰ ভিত্তিত চাকৰি লাভ কৰা চামগুৰিৰ কোনো যুৱকক ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই বুলি উল্লেখ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

চামগুৰিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

"চামগুৰিৰ যুৱকক চাকৰি দিয়াৰ প্ৰচাৰেৰে ভোট বিচাৰি ৰকিবুল হুছেইনে দুটা আপত্তিজনক মন্তব্য কৰিছে । অসম চৰকাৰে দৰমহা দিয়া চৰকাৰী চাকৰিয়ালে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰু ৰকিবুল হুছেইনে চৰকাৰী চাকৰি দিব পৰা বিষয় দুটাই আপত্তিজনক ।" এই মন্তব্য মুখ্যমন্ত্ৰীৰ । লগতে এই সন্দৰ্ভত নিৰ্বাচনৰ পাছতেই ৰকিবুল হুছেইনক থানালৈ মাতি চাহ একাপ খুৱাই সোধা-পোছা কৰা হ'ব বুলিও একপ্ৰকাৰ সকীয়নি দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, কংগ্ৰেছৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ, "কোন সমষ্টিত কেতিয়া কোনে কংগ্ৰেছৰ টিকট পাব সেইটো সন্তান মাকৰ গৰ্ভত থাকোতেই চূড়ান্ত হৈ যায় । দেৱব্ৰত শইকীয়াই এতিয়াই তেওঁৰ সন্তানৰ প্ৰাৰ্থিত্বৰ সিদ্ধান্ত লৈছে । চামগুৰি সমষ্টিৰ পৰাও পৰৱৰ্তী বিধায়কৰ বাবে নিজৰ সন্তানৰ কথাও চিন্তা কৰি আছে তাঞ্জিল হুছেইনে ।"

ইভিএমক লৈ বিভিন্ন আশংকা প্ৰকাশ কৰি ৰকিবুল হুছেইনে ইতিমধ্যে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ মন্তব্য । তেওঁ কয়, "যদি ইভিএমত সন্দেহ আছে তেন্তে ধুবুৰীৰ ফলাফলো খেলিমেলি আছিল বুলি স্বীকাৰ কৰক ৰকিবুল হুছেইনে ।"

ইপিনে চৰকাৰী চাকৰি প্ৰসংগত মুখ খুলিলে বিপদ হ'ব বুলি ৰকিবুল হুছেইনে প্ৰদান কৰা হুংকাৰৰো প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । ৰকিবুল হুছেইনে মুখ খুলিলে কণ কণ ল'ৰা ছোৱালীয়েহে ভয় কৰে বুলি ৰকিবুল হুছেইনক কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । লগতে চামগুৰিত গণদেৱতা গৰজি উঠা বুলিও মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ।

ইয়াৰ উপৰি ইন্দিৰা গান্ধীৰ প্ৰসংগও উল্লেখ কৰি গণদেৱতাৰ সৈতে কাজিয়া কৰিলে কোনো লোকেই বহুদিন জীয়াই থাকিব নোৱাৰে বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ । আনহাতে, চামগুৰিত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ কথাও উল্লেখ কৰি নিজৰ ভাষণত ৰকিবুল হুছেইনক নিমকি গুণ্ডা আখ্যা দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

চামগুৰিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ ৰেকৰ্ডিং বজোৱাৰ প্ৰসংগও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, "মোৰ ৰেকৰ্ডিং ভিডিঅ' বজাব নালাগে । ৰকিবুল হুছেইনে মাতিলে নিজেই আহি ভাষণ প্ৰদান কৰিম । ৰকিবুল হুছেইনৰ সকলো কথা এটা এটাকৈ ৰাইজৰ আগত কম ।"

উল্লেখ্য যে বৃহস্পতিবাৰে চামগুৰি খেলপথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিমল বড়া, শিল্পী সীমান্ত শেখৰ, কেইবাগৰাকীও বিধায়কৰ লগতে বিজেপিৰ বহুকেইগৰাকী নেতাও উপস্থিত থাকে ।

লগতে পঢ়ক :পাপ্পু যাদৱ কোন ? চিনি নাপায় মুখ্যমন্ত্ৰীয়ে
লগতে পঢ়ক :ৰকিবুল হুছেইনৰ সংবাদমেলত বাজিল ‘‘আকৌ এবাৰ মোদী চৰকাৰ’’...এয়া কিহৰ ইংগিত ?
Last Updated : Nov 7, 2024, 8:02 PM IST

ABOUT THE AUTHOR

...view details