শিলচৰ, 18 এপ্ৰিল :বৃহস্পতিবাৰে শিলচৰ লোকসভা সমষ্টিৰ কাটিগড়া হিলাড়া খেলপথাৰ আৰু উধাৰবন্ধ DNHS স্কুল খেলপথাৰত বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে । সভাত বৰাকৰ বাবে তেওঁ দিলে মোদীৰ গেৰাণ্টি আৰু মুখ্যমন্ত্ৰীৰ ৱাৰেন্টী ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় যে জাগীৰোডতকৈ দহগুণ ডাঙৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট পাঁচগ্ৰাম হিন্দুস্থান পেপাৰ মিলত কৰা হ’ব ৷ বঙালী হিন্দুসকলৰ ভয় কৰিবলগীয়া আৰু একো নাই বুলিও তেওঁ সভাত অভয়বাণী দিলে বৰাকবাসীক ৷ 2024 ৰ ভিতৰত আৰু 50 হাজাৰ চাকৰি দিয়া হ’ব বুলি কৈ যুৱকসকলৰ ব্যৱসায়ৰ বাবে আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে বিনাচৰ্তে 2 লাখ টকাৰ ঋণ চৰকাৰে দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।
তেওঁ লগতে দাবী কৰে যে এইবাৰৰ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে লাভ কৰিব 14 খন আসন ৷ আনহাতে, শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰি কংগ্ৰেছ দল এতিয়া ICU ত আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷