লখিমপুৰ, ১৪ জুলাই : প্ৰায় দেৰমাহ উকলিল ৷ ৰাজ্য জোকাৰি যোৱা ১ জুনৰ নিশা সংঘটিত হোৱা ঢকুৱাখনাৰ নৃশংস হত্যাৰ প্ৰকৃত ৰহস্য আজিও পোহৰলৈ অহা নাই । আৰক্ষীয়ে বিভিন্ন ধৰণে তদন্ত কৰি অপৰাধীক লোকচক্ষুৰ আগলৈ অনাত সফল হ’ব নোৱাৰিলে ৷ ফলত চিআইডিলৈ হস্তান্তৰ কৰা হয় ঘটনাৰ তদন্তৰ ভাৰ ।
তদন্তৰ দায়িত্ব লৈয়ে ঢকুৱাখনাত বাহৰ পাতিছে এতিয়া চিআইডিয়ে । চিআইডিৰ বিষয়া অমৃত ভূঞাৰ নেতৃত্বত এটা দলে ঢকুৱাখনাত বাহৰ পাতি তদন্ত প্ৰক্ৰিয়া চলাই আছে । পুনৰবাৰ চিআইডিৰ জেৰাৰ সন্মুখীনসুনীল গগৈৰ পুত্ৰ-ভতিজাৰ লগতে আন দুজন আত্মীয় । চিআইডিয়ে শনিবাৰে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্ৰ সৌৰভ গগৈৰ লগতে ভতিজাকৰ উপৰিও এইবাৰ জ্যেষ্ঠ ভাতৃ হেমন্ত গগৈ আৰু সুনীলৰ শালপতি বিবিধ গগৈকো জেৰা কৰে ।
লগতে পঢ়ক :সুনীল গগৈকাণ্ড : ঢকুৱাখনাত পুনৰ ফৰেনচিক বিশেষজ্ঞৰ দল - Dhakuakhana murder case
চিআইডিৰ নিৰ্দেশৰ ভিত্তিত শনিবাৰে পুৱাতেই ঢকুৱাখনা সদৰ থানাত উপস্থিত হয়গৈ সুনীল গগৈৰ পত্নী, সৌৰভ গগৈ, জয়ন্ত গগৈ আৰু এই দুজন দুজন আত্মীয় । ঢকুৱাখনা সদৰ থানাত চিআইডিয়ে জেৰা চলোৱাৰ লগতে পুত্ৰ-ভতিজাকক লগত ধেমাজিৰ বুটিকোৰলৈ গৈ অন্য এক তদন্ত আৰম্ভ কৰে বুলিও জানিব পৰা গৈছে ।
উল্লেখ্য যে, ৰাজ্য কঁপোৱা এই ঘটনাই প্ৰায় ডেৰ মাহত ভৰি দিলে । অদ্যাপি সন্ধান নাই বিজেপি নেতা সুনীল গগৈ, উদ্ধাৰ হোৱা নাই জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ড । ঘটনাৰ পাচতে সুনীল গগৈক হত্যা কৰা বুলি আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট পৰিয়ালক গতাই দিছিল । যাৰ বাবে পৰিয়ালটোৱে আদ্যশ্ৰাদ্ধৰ কাম সম্পন্ন কৰে । কিন্তু ডিএনএ পৰীক্ষাৰ পাচত মৃতদেহটো জাহাংগীৰৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগে লগে সুনীলৰ পৰিয়ালত আশাৰ সঞ্চাৰ হয় ।