নলবাৰী, 23 মে’ : তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনটোৰ পৰা নলবাৰীৰ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাৰ সন্দৰ্ভত উত্থাপন হৈছে বহুকেইটা বিস্ফোৰক অভিযোগ ৷ ইতিমধ্যে বিষয় সন্দৰ্ভত জিলা আয়ুক্তই চলচিত্ৰ প্ৰযোজক-পৰিচালক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ তুলি নলবাৰী সদৰ থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷
এই এজাহাৰৰ ভিত্তিত নলবাৰী সদৰ থানাত সোঁ-শৰীৰে উপস্থিত হ’বলগীয়া হৈছিল লুইত কুমাৰ বৰ্মন ৷ এই ঘটনাৰ আঁত ধৰি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী দীপ বায়নে ষ্ট্ৰং ৰূমৰ নিৰাপত্তাৰ সন্দৰ্ভত অৱতাৰণা কৰিছিল বহু প্ৰশ্ন ৷ অকল বায়নে নহয়, বহুকেইগৰাকী লোকে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷
লগতে পঢ়ক:ধন দাবীৰ অভিযোগত প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল - FIR Against Luit Kumar Barman
নলবাৰীৰ ষ্ট্ৰং ৰূম অসুৰক্ষিত বুলি উত্থাপিত হোৱা এই অভিযোগৰ ভিত্তিতে বুধবাৰে বিয়লিভাগত চহৰখনত উপস্থিত হয় গৃহ বিভাগৰ মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ৷ কংগ্ৰেছৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই চক্ৰৱৰ্তীয়ে নলবাৰীত উপস্থিত হৈ ষ্ট্ৰং ৰূমৰ সন্দৰ্ভত থকা অভিযোগ-প্ৰতি অভিযোগৰ শুনানি গ্ৰহণ কৰে ৷ সমান্তৰালকৈ নিৰ্বাচনী কাৰ্যত নিয়োজিত বিষয়াসকলক সোধ-পোছ কৰে ৷ গৃহ বিভাগৰ মুখ্য সচিবগৰাকীয়ে প্ৰথমে প্ৰযোজক লুইত কুমাৰ বৰ্মনক সোধ-পোছ কৰাৰ অন্তত নলবাৰী জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তকো সোধা-পোছা কৰে ৷