অসম

assam

ETV Bharat / politics

হাফলঙত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ মুখ্য নিৰ্বাচনী বিষয়াৰ - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

Lok Sabha election 2024: ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ বুজ লবলৈ বুধবাৰে হাফলঙত উপস্থিত হয় ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল ।

Chief Electoral officer of Assam visits Dima Hasao
Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 10:36 PM IST

হাফলঙত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ মুখ্য নিৰ্বাচনী বিষয়াৰ

হাফলং, 27 মাৰ্চ: বুধবাৰে হাফলঙত উপস্থিত হয় ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল । প্ৰথমতে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে হাফলংস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক ময়ংক কুমাৰ আৰু নিৰ্বাচনৰ কামত নিয়োজিত বিষয়াসকলৰ লগত বৈঠকত মিলিত হয় । এই বৈঠকতে নিৰ্বাচনৰ প্ৰস্তুতি সমূহৰ সম্পৰ্কে বুজ লয় মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ।

ডিমা হাছাও জিলাৰ সদৰ হাফলঙত উপস্থিত হৈ অনুৰাগ গোৱেলে হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ত ইলেকচন মাছকট (Hanguria) -ৰ উন্মোচন কৰে । ইয়াৰ পিচতে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰে ।

সংবাদিকৰ আগত তেওঁ কয়, আজি আমি নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লবলৈ হাফলঙত আহি উপস্থিত হৈছো । ইয়াতেই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু আন আন নিৰ্বাচনী বিষয়াৰ লগত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আলোচনা কৰো । ইয়াৰ পিচতে ষ্ট্ৰং ৰুম আৰু ভোট গণনা কেন্দ্ৰৰ ব্যৱস্থাৰ বুজ লোৱাৰ উপৰিও সকলো ব্যৱস্থাৰ বুজ লৈছো ।

তেওঁ লগতে কয় যে হাফলং বিধানসভা সমষ্টিত নিৰ্বাচন সুস্থ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হব বুলি তেওঁ আশাবাদী । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ডিমা হাছাও জিলাৰ সকলো ৰাইজ আৰু বিশেষকৈ নতুন ভোটাৰ সকলক 26 এপ্ৰিল ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে মুঠ 7 টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব অহা 19 এপ্ৰিলত । ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক:উপ-সভাপতিৰ 'অলংকাৰ' কিয় খুলিলে ৰাজু চাহুৱে ? - Raju Sahu Resigns as VP of APCC

ABOUT THE AUTHOR

...view details