বঙাইগাঁও : ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰকাৰ্য ইতিমধ্যে তুংগত উঠিছে । বঙাইগাঁও, বিহালী, চিদলী, ধলাই আৰু চামগুৰি সমষ্টিত অনুষ্ঠিত হ'ব এই উপ-নিৰ্বাচন । এই আসনকেইখন হস্তগত কৰিবৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে শাসক-বিৰোধী উভয় শিবিৰ ।
দুয়োটা শিবিৰেই নিজস্ব নিৰ্বাচনী ৰণনীতিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে । বাকী সমষ্টিকেইটাৰ সমান্তৰালভাৱে বঙাইগাঁও বিধানসভা সমষ্টিতো উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে । এইবাৰ বঙাইগাঁৱত মূল প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ আৰু এন ডি এ মিত্ৰজোঁটৰ মাজত । সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে ব্ৰজেনজিৎ সিংহক । আনহাতে, এন ডি এ মিত্ৰজোঁটৰ পৰা অগপৰ দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বঙাইগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত কংগ্ৰেছ দলৰ শেহতীয়া উপ-নিৰ্বাচনৰ স্থিতি সন্দৰ্ভত প্ৰাক্তন আই পি এছ বিষয়া ব্ৰজেনজিৎ সিংহই অৱগত কৰে ।