গুৱাহাটী, ২০ জুন: পঞ্চায়ত নিৰ্বাচনৰ পৰা সৰ্বানন্দ সোণোৱালৰ জয়লৈ- পুনৰ সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিচত এইবাৰ লুৰীণজ্যোতি গগৈ সাজু হৈছে পঞ্চায়ত আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ ৷
লুৰীণজ্যোতি গগৈৰ সংবাদমেল (ETV Bharat Assam) “এইবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন বিৰোধীয়ে একেলগে খেলাৰ পোষকতা কৰোঁ আমি ৷ বিৰোধীয়ে সুকীয়াকৈ খেলিলে শাসক পক্ষ লাভবান হ’ব । এইক্ষেত্ৰত হ’ব পৰা সমস্যাসমূহ আমি আলোচনা কৰি নিষ্পত্তি কৰিব লাগিব ৷” সাংবাদিকৰ সন্মুখত এই মন্তব্য অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈৰ ।
লুৰীণজ্যোতি গগৈয়ে লগতে মন্তব্য কৰে যে জাতীয় ৰাজনৈতিক দল সমূহ একেখন মঞ্চত একত্ৰিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷ তেওঁ কয়, ‘‘বহু দল আমাৰ সৈতে চামিল হোৱাৰ কথা চলি আছে ৷’’
লগতে পঢ়ক:ভাৰতৰ শক্তিশালী বিৰোধী দলেই হৈছে তৃণমূল কংগ্ৰেছ : ৰিপুণ বৰা - Ripun Bora on Assam BJP
“আমি বিৰোধী ঐক্য ২০২৬ লৈ ঐক্যবদ্ধ হৈ থাকিম ৷ ঐক্যবদ্ধ হৈ আগবাঢ়িলেহে লক্ষ্যত উপনীত হ'ব পাৰিম” বুলি উল্লেখ কৰি অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন প্ৰসংগতো লুৰীণে কয় ‘‘উপ-নিৰ্বাচনো আমি একেলগে খেলাটো বিচাৰো ৷’’
এইবাৰ হ’বলগীয়া উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা বিৰোধীৰ প্ৰাৰ্থী কোন হ’ব ? তাৰো উমান দিলে লুৰীণজ্যোতি গগৈয়ে ৷ অজাপৰ সভাপতিগৰাকীয়ে জনায় যে বিহালীৰ উপ-নিৰ্বাচনৰ বাবে ভূপেন বৰাৰ কথা চৰ্চা হৈ আছে, চি পি আই এম এলৰ বিবেক দাসৰ নামো চৰ্চা হৈছে ৷
লগতে পঢ়ক:বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে : অখিল গগৈ - Akhil Gogoi
আনহাতে বিৰোধীৰ তিনি গগৈ বুলি লোকসভা নিৰ্বাচনত চলা প্ৰচাৰ প্ৰসংগতো আকৌ এবাৰ স্থিতি স্পষ্ট কৰি লুৰীণজ্যোতি গগৈয়ে কয়, “গগৈকেন্দ্ৰিক ৰাজনীতিত মই বিশ্বাস নকৰো, কোনো গগৈ বুলি কথা নাই ৷ আমি সকলো একেলগে আগুৱাই যাব লাগিব ৷ একাংশই এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছিল, 3G/4G এয়া এক ষড়যন্ত্ৰ ৷”
লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ত নিজৰ পৰাজয় প্ৰসংগত লুৰীণজ্যোতিয়ে ব্যাখ্যা আগবঢ়ালে এইদৰে, “ডিব্ৰুগড়ত বিজেপিৰ ধনবলৰ প্ৰয়োগে আমাক পৰাজিত কৰিলে ৷ খিলঞ্জীয়া মানুহে সৰ্বানন্দ সোণোৱালক ভোট নিদিলে ৷ তথাকথিত ভোট বেংকে জিকালে সোণোৱালক ৷ ৰামেশ্বৰ তেলীক সলনি কৰাৰ লগে লগেই বিজেপিৰ নৈতিক পৰাজয় হ’ল ডিব্ৰুগড়ত ৷ পঞ্চায়ত নিৰ্বাচনক লৈ ভয় খাইছে বিজেপিয়ে সেয়ে চিহ্নবিহীন নিৰ্বাচন বিচাৰিছে ৷”
লগতে পঢ়ক:একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam